NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কথমপি প্ৰাণৰক্ষাঃ উৰন্ত এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা

Posted by: এন ই নাও নিউজ January 19, 2018 9:30 pm
মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কথমপি প্ৰাণৰক্ষাঃ উৰন্ত এয়াৰ ইণ্ডিয়াৰ বিমানত চৰাইৰ খুন্দা

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিং আৰু তেওঁৰ সহযোগীকে ধৰি প্ৰায় ১৬০ জন যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমান যাত্ৰাপথত এটা চৰাইৰ গাত খুন্দা মাৰি আজি গধূলি কথমপি ৰক্ষা পৰে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বিমানখনে অৱতৰণ কৰাৰ পিছত যাত্ৰীসকল নিৰাপদে বিমানৰপৰা ওলাবলৈ সক্ষম হয়।

চৰাইটোৰ লগত লগা খুন্দা ইমানেই তীব্ৰ আছিল যে খুন্দাটোৰ ফলত বিমানখনৰ গাত এটা ফুটা হৈ যায়। খবৰ অনুসৰি বিমানখনে বিমান বন্দৰটোত অৱতৰণ কৰিবলৈ লওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়।

বিমানখনত থকা মণিপুৰৰ মুখ্য মন্ত্ৰী সিঙে পিছত টুইট কৰে, ‘ভগৱান বৰ দয়ালু। আমাৰ এআই বিমানখনত এটা চৰায়ে খুন্দা মাৰিছিল কিন্তু আমি নিৰাপদে আজি গুৱাহাটীত নামিবলে সক্ষম হ’লো। ইমান জোৰত খুন্দা লাগিছিল যে বিমানখনত এটা ফুটা হৈ গ’ল। অৱতৰণৰ সময়ত বিমানৰ ডেউকা মেলাৰ খোৱাৰ সময়ত ঘটনাটো ঘটে। ভগৱানক ধন্যবাদ, বাকী ১৬০ গৰাকী সহযাত্ৰীৰ সৈতে আজি গুৱাহাটীত থাকিম।’

আনহাতে মুখ্য মন্ত্ৰীগৰাকীয়ে বিমানখনৰ যাত্ৰী সকলৰ যত্ন নোলোৱাৰ বাবে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক কঠোৰভাৱে সমালোচনা কৰে।

সিঙে অন্য এটা টুইটযোগে কয়, ‘গুৱাহাটী বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ ব্যৱস্থাপনা অতি পুতৌজনক আৰু কামত নহা। এতিয়াও খাদ্য আৰু থকা ঠাই নোহোৱাকৈ বহু বিলাক যাত্ৰী বিমান বন্দৰৰ ভিতৰত আছে। তাত এয়াৰ ইণ্ডিয়াৰ তিনিজনহে কৰ্মচাৰী দেখা গৈছে। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জনোৱা মতে কাইলৈ আবেলিলৈকে বিকল্প বিমানো সম্ভৱ নহ’ব।’