NORTHEAST NOW (Assamese)
অসম

একাডেমী অব্ খোলবাদ্যৰ উদ্যোগত বৰপেটাত হোলী ঢোল বাদ্যৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী

Posted by: পুলেন্দ্ৰ দাস January 19, 2018 9:36 pm
একাডেমী অব্ খোলবাদ্য

একাডেমী অব্ খোলবাদ্যৰ উদ্যোগত আৰু ক্লাব ৰাইনোৰ সহযোগত কাইলৈৰ পৰা বৰপেটাত হোলী ঢোল বাদ্যৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব। এই উপলক্ষত কাইলৈ বিয়লি তিনি বজাত বৰপেটা চহৰৰ ক্লাব ৰাইনোত এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

একাডেমী অব্ খোলবাদ্যৰ মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে জানিবলৈ দিয়া মতে, এই প্ৰশিক্ষণ কাৰ্যসূচী বয়স অনুযায়ী দুটা শাখাত বিভক্ত কৰা হ’ব। ‘ক’ শাখাত ৬ বছৰৰ পৰা ১৫ বছৰলৈ আৰু ‘খ’ শাখাত ১৫ বছৰৰ পৰা ৫০ বছৰলৈকে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ইতিমধ্যে দুয়োটা শাখাতে প্ৰায় ৭০ গৰাকী লোকে প্ৰশিক্ষণৰ বাবে নামভৰ্তি কৰা বুলি জানিবলৈ দি মুখ্য প্ৰশিক্ষক মনোজ কুমাৰ দাসে ইচ্ছুক প্ৰতিযোগীসকলক ৯৯৫৭৪৯৩৮৬৬ নম্বৰত যোগাযোগ কৰিবলৈ আবেদন জনাইছে ।