NORTHEAST NOW (Assamese)
দেশ

বিপদত ভাৰতৰ বিশ্বকাপৰ নায়ক! আত্মহনন গোচৰৰ সৈতে সাঙোৰ খালে যোগীন্দৰৰ নাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2024 7:29 pm
Joginder Sharma Hisar suicide case

২০০৭ চনৰ উদ্বোধনী বৰ্ষৰ আইচিচি টি-২০ বিশ্বকাপত ভাৰতৰ জয়ৰ অন্যতম নায়ক তথা হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ উপ-আৰক্ষী অধীক্ষক যোগীন্দৰ শৰ্মাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ।

হিছাৰ এগৰাকী যুৱকৰ আত্মহত্যাৰ গোচৰত নাম সাঙোৰ খাইছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যোগীন্দৰ শৰ্মাৰ নাম।

যুৱকজনক আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগত যোগীন্দৰ শৰ্মাৰ লগতে আন পাঁচজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে হাৰিয়ানা আৰক্ষীয়ে।

এই সন্দৰ্ভত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, যোৱা ১ জানুৱাৰীত আত্মহত্যা কৰিছিল হিছাৰৰ বাসিন্দা পৱনে।

ঘটনাৰ পিছদিনাই পৱনৰ মাতৃ সুনীতাই এক এজাহাৰ দাখিল কৰি আদালতত সম্পত্তিৰ সৈতে জড়িত গোচৰৰ বিচাৰ চলি আছে বুলি জানিবলৈ দিয়ে।

পৱনৰ মাতৃয়ে লগতে এজাহাৰখনত জোগিন্দৰ শৰ্মাকে ধৰি ছয়জন লোকে পুত্ৰক হাৰাশাস্তি কৰি আত্মহত্যা কৰিবলৈ বাধ্য কৰে বুলি অভিযোগ উত্থাপন কৰে।

পৰিয়ালটোক আৰ্থিক সাহায্য আৰু গোচৰৰ ন্যায্য তদন্তকে ধৰি তেওঁলোকৰ ছটা দাবীও আৰক্ষীৰ সন্মুখত দাখিল কৰে।

অনুসূচিত জাতি/অনুসূচিত জনজাতি(অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিব বুলি দাবী জনাই পৱনৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে পৱনৰ পৰিয়ালে।

ইফালে, যোগীন্দৰ শৰ্মাই উত্থাপিত অভিযোগ অস্বীকাৰ কৰি নিহত পৱনৰ সৈতে কোনো পৰিচয় নাই তথা তেওঁক কেতিয়াও লগ পোৱা নাই বুলি দাবী কৰিছে।