NORTHEAST NOW (Assamese)
অসম

আই চি এম আৰৰ অধ্যয়নে চিনাক্ত কৰিলে দিখৌমুখত ত্ৰাসৰ সৃষ্টি কৰা অচিনাকি মাখি

Posted by: অনন্ত স্মিথ April 28, 2018 7:21 pm
DeerFly

আজি কিছুদিনৰ পৰা এবিধ অচিনাক্ত মাখিৰ উপদ্ৰৱত দিখৌমুখবাসীৰ মাজত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি হৈছিল। কেৱল মানুহেই নহয় জীৱ-জন্তুকো এই মাখিবিধে আক্ৰমণ কৰি হাৰাশাস্তি কৰিছিল। মাখিবিধৰ বৈশিষ্ট্য আছিল যে ই কামোৰাৰ পাছতেই ফুলি উঠি প্ৰচণ্ড খজুৱতিৰ সৃষ্টি হয়। ফলত অচিনাক্ত মাখিবিধক লৈ শংকিত হৈ পৰিছিল দিখৌমুখবাসী।

প্ৰাপ্ত খবৰ অনুসৰি এই মাখি বিধ সম্পৰ্কত অধ্যয়ন কৰিবলৈ আই চি এম আৰ (The Indian Council of Medical Research)ৰ এটা দল কিছু দিনৰ পূৰ্বে দিখৌমুখত উপস্থিত হৈছিল। বিশেষজ্ঞৰ দলটোৱেও চিনাক্ত কৰিব নোৱৰা মাখিবিধৰ অৱশেষত নমুনা সংগ্ৰহ কৰি নিয়াৰ লগতে ভাৰতীয় উপমহাদেশত উক্ত মাখিবিধ পোৱা নাযায় বুলি জানিবলৈ দিছিল দলটোৱে।

দিখৌমুখত আতংকৰ সৃষ্টি কৰা এই অচিনাক্ত মাখিবিধৰ গৱেষণাৰ প্ৰতিবেদন আজি শিৱসাগৰ জিলা স্বাস্থ্য বিভাগলৈ প্ৰেৰণ কৰে আই চি এম আৰৰ দলটোৱে৷ আই চি এম আৰৰ ডিব্ৰুগড়স্থিত পূৰ্বাঞ্চলীয় কাৰ্যালয়ৰ বিজ্ঞানী তথা উপ-সঞ্চালক ড০ দীপাংকৰ বিশ্বাসৰ নেতৃত্বত নমুনা সংগ্ৰহ কৰি নিয়া চাৰিজনীয়া বিজ্ঞানীৰ  দলটোৱে চিনাক্ত কৰিব নোৱৰা উক্ত মাখিটো গৱেষণাৰ অন্তত এবিধ ‘ডিয়েৰ ফ্লাই’ অৰ্থাৎ এবিধ বিশেষ প্ৰজাতিৰ ডাঁহ বুলি চিনাক্ত কৰিছে।

গৱেষণাৰ প্ৰতি প্ৰতিবেদনত লগতে এইবিধ বিশেষ প্ৰজাতিৰ ডাঁহৰ দংশনৰ পৰা কোনো দীৰ্ঘম্যাদী জটিল ৰোগ নহয় আৰু সেয়েহে ইয়াৰ পৰা শংকাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰিছে৷

কিন্তু শংকাৰ কাৰণ নাথাকিলেও এইবিধ ডাঁহে জীৱ-জন্তুকো সততে দংশন কৰে বাবে জন্তুৰ দেহত উদ্ভৱ হোৱা যিকোনো অসুখ মানৱ দেহলৈ সংক্ৰমিত কৰিব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷

মন কৰিব লগীয়া যে পূৰ্বে এইবিধ বিশেষ প্ৰজাতিৰ ডাঁহ দিখৌমুখত দেখা পোৱা নগৈছিল৷

আনহাতে সংশ্লিষ্ট গৱেষণাকেন্দ্ৰৰ মুখ্য সঞ্চালক ড০ প্ৰফুল্ল দত্তই বহুদিনীয়া বন্ধ হৈ পানী অথৱা মৰা সুঁতিত এইবিধ ডাঁহে কণী পাৰি বংশবৃদ্ধি কৰে বুলি জানিবলৈ দিছে৷ ‎এই ক্ষেত্ৰত দিখৌমুখত থকা মৰি দিখৌখন এই  মাখিবিধৰ বংশবৃদ্ধিৰ উৰ্বৰ ঠাই হোৱাটো নিশ্চিত৷ জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ ৰিপুণ বৰপূজাৰীয়েও দিখৌমুখৰ মৰিদিখৌখন চাফা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ প্ৰণিধানযোগ্য এই এইবিধ বিশেষ প্ৰজাতিৰ ডাঁহ অৰুণাচল আৰু কৰিমগঞ্জত দেখা পোৱা বুলি আই চি এম আৰৰ সূত্ৰটোৱে জনোৱাৰ বিপৰীতে জিলা স্বাস্থ্য বিভাগে আমেৰিকা যুক্তৰাষ্টৰ কিছু কিছু ঠাইতহে এইবিধ পতংগ দেখা পোৱা গৈছিল বুলি জনাইছে৷

তুৰস্কত ডাঁহবিধৰ দ্বাৰা সংক্ৰমিত ‘টিউলাৰেমিয়া’ (tularemia) নামৰ  এক মহামাৰী স্বৰূপ ৰোগ সৃষ্টি হৈছিল বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে৷ অৱশ্যে অসমত এইবিধ অসুখ বৰ্তমানলৈ দেখা হোৱা নাই বুলি জানিবলৈ দিয়ে। তথাপি স্বাস্থ্য বিভাগে ডাঁহবিধৰ পৰা হাত সাৰি থাকিবলৈ ডাঁহবিধৰ প্ৰাদুৰ্ভাব হোৱা ঠাইত সম্পূৰ্ণ দেহ আৱৰা পোচাক পৰিধান কৰিবলৈ আহ্বান জনাইছে। লগতে আঠুৱা ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিছে৷