NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত বনৰজা সিংহ পোহাৰ সুযোগ, ১ লাখ টকা দি পোহক অসম গৌৰৱ এশিঙীয়া গঁড়

Posted by: এন ই নাও নিউজ April 28, 2018 7:35 pm

১ লাখ টকা দিলে পুহিব পাৰিব অসম গৌৰৱ এশিঙীয়া গঁড়। বনৰজা সিংহ বা বাঘ, হাতী বা হিপপ’তেমাছ পোহক ৭৫ হাজাৰ টকাত। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানে ( Assam State Zoo cum Botanical Garden ) আগবঢ়াইছে এই বিশেষ সুবিধা।

সম্পূৰ্ণ বৈধ এই সুবিধা। এই সমূহ জন্তুৰ উপৰি চিৰিয়াখানাখনত থকা বিবিধ প্ৰজাতিৰ জন্তু, চৰাই আদি বছৰি এক নিৰ্দিষ্ট ধনৰাশিৰ বিনিময়ত তুলি লোৱাৰ সুবিধা আগবঢ়াইছে চিৰিয়াখানাখনে।

৫০ হাজাৰ টকাত ঘঁৰিয়াল, নাহৰফুটুকী আদি, ৩০ হাজাৰত বান্দৰ, শিয়াল আদি, ২৫ হাজাৰত হৰিণা, কাছ, অজগৰ আদি, ২০ হাজাৰত পেলিকান, শগুণ আদি, ১০ হাজাৰত মইনা, সাৰেং চৰাই আদি আৰু ৫ হাজাৰত মাছোৰোকা, কুলী, ফেঁচা আদি তুলি লোৱাৰো সুবিধা আগবঢ়োৱা হৈছে।

কোনো ব্যক্তিয়ে চিৰিয়াখানাৰ কোনো জন্তু, চৰাই আদি তুলি ল’লে তেওঁক তাৰবাবে বিভাগীয় প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।

তুলি লোৱা জীৱটো ৰখা গঁড়ালৰ সমুখভাগত তুলি লওঁতাজনৰ নাম লিখা থাকিব আৰু চিৰিয়াখানাৰ বিভাগীয় ফে’ছবুক পৃষ্ঠাত তুলি লোৱা জীৱটোৰ সৈতে তুলি লওঁতাগৰাকীৰ ছবি প্ৰদৰ্শন কৰা হ’ব।

তাৰোপৰি তুলি লওঁতাগৰাকীৰ ধনৰাশিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি তেওঁ মনোনীত কৰা ৫ গৰাকী লোকক বছৰ জুৰি চিৰিয়াখানা দৰ্শনৰ বাবে বিনামূলীয়া প্ৰৱেশ পত্ৰও দিয়া হ’ব।

তুলি ল’ব পাৰিব, খালী চৰ্ত হ’ল ঘৰলে নিব নোৱাৰিব তুলি লোৱা জীৱ।