NORTHEAST NOW (Assamese)
অসম

জি আই এম টি, তেজপুৰত গণিত বিষয়ক মনোগ্ৰাহী কৰ্মশালা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2019 9:45 pm

তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰত আজি অৰ্থাৎ ১৬ নৱেম্বৰত গণিত বিষয়ক এখন কৰ্মশালা আয়োজন কৰা হয়।

‘ফ’ৰিয়াৰ এনালাইছিছ (Fourier Analysis)’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ  বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ধীৰেণ কুমাৰ বচনেটে।

জি আই এম টি, তেজপুৰৰ সহকাৰী অধ্যাপিকা সংগীতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁয়ে সমল ব্যক্তিক সম্বৰ্ধনা জনায়।

ইয়াৰ পিছত অধ্যাপক বচনেটে ফ’ৰিয়াৰ চিৰিজ সম্পৰ্কীয় জ্ঞানগৰ্ভ ভাষণ প্ৰদান কৰে। কৰ্মশালাখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে অংশগ্ৰহণকাৰীসকল যথেষ্ট উপকৃত হয়।