NORTHEAST NOW (Assamese)
অসম

বিতোপন ডিমা হাচাওত বিনোদনৰ সম্ভাৰ লৈ আৰম্ভ ফেলকন ফেষ্টিভেল

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব November 16, 2019 10:17 pm
falcon festival dima hasao assam

শীতৰ বতৰা লৈ বিনোদনৰ সম্ভাৰেৰে ডিমা হাচাওত শনিবাৰে আৰম্ভ হৈছে ফেলকন ফেষ্টিভেল।

উমৰাংচুৰ গ’ল্ফ ক’ৰ্চত তিনিদিনীয়া উৎসৱটো মুকলি কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পিযুষ হাজৰিকাই।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে প্ৰতি বছৰে আয়োজন কৰা ফেষ্টিভেলটোত থলুৱা খাদ্য, বস্ত্ৰৰ মেলাৰ লগতে আছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু খেল-ধেমালিৰ কাৰ্য্যসূচী।

শীতৰ আগমনৰ লগে লগে পাহাৰীয়া জিলাখনলৈ অহা পৰিব্ৰাজক আমুৰ ফেলকন চৰাইৰ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে এই উৎসৱ অনুষ্ঠিত কৰা হয়।

Falcon Festival
ফেষ্টিভেল মুকলি কৰি পিযুষ হাজৰিকা।

আনবাৰৰ দৰেই এইবাৰো উৎসৱটোত ডিমা হাচাওৰ বিভিন্ন জনজাতীয় সংস্কৃতি প্ৰদৰ্শিত হ’ব।

অসমৰ জনপ্ৰিয় শিল্পী পাপনৰ লগতে দেশৰ বহুকেইটা আগশাৰীৰ বেন্দে ফেলকন ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰিব। থাকিব সুবাসনা দত্ত (Assam), Catherine Khiangte (Mizoram), Family Tree (Assam) আৰু Feli Fanai (Mizoram)ৰ সংগীত অনুষ্ঠান।

ফেষ্টিভেলটোৰ সামৰণিৰ দিনা আন্তঃৰাষ্ট্ৰীয় মদেলৰ অংশগ্ৰহণেৰে এখন ফেশ্বন শ্ব’ অনুষ্ঠিত হ’ব। লগত থাকিব Motherjane (Kochi), Spreading Roots (Assam) আৰু Induscreed (Mumbai) বেন্দৰ সংগীত অনুষ্ঠান।

falcon festival dima hasao assam

ফেষ্টিভেলটোত জৰ্বিং, হট এয়াৰ বেলুন, ৰিপেলিং, পেৰাচেইলিং, ৰাফটিং, কায়াকিং আৰু জিপ লাইনিঙৰ দৰে খেলাৰো ব্যৱস্থা কৰা হৈছে।

falcon festival dima hasao assam

চাইবেৰিয়া আৰু চীনৰ পৰা এফ্ৰিকালৈ বুলি ওলোৱা পৰিভ্ৰমী আমুৰ ফেলকন চৰাই প্ৰতি বছৰে অক্তোবৰ, নৱেম্বৰ মাহত উমৰাংচুত উপস্থিত হয়।

আগতে সজাগতাৰ অভাৱত এই পক্ষীবিধ মানুহে খোৱাৰ বাবে হত্যা কৰিছিল। স্থানীয় বজাৰতো তাৰ মাংস বিক্ৰী হৈছিল।

 

কিন্তু, বন বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰচেষ্টাত স্থানীয় লোক আৰু সংগঠনসমূহৰ সহযোগিতাত এতিয়া ফেলকন নিধন বন্ধ হৈছে।

ফেষ্টিভেল মুকলি অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্ল’ছা, বিধায়ক বি.বি. হাগজেৰ, ৰাণু লাংথাচাৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত আছিল।