NORTHEAST NOW (Assamese)
অসম

লোককৃষ্টিৰ সাধক বিশ্বনাথৰ বিনোদ খনাললৈ আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, ২০১৮’

Posted by: এন ই নাও নিউজ December 20, 2018 12:18 pm
লোককৃষ্টিৰ সাধক বিশ্বনাথৰ বিনোদ খনাললৈ আছুৰ ‘প্ৰতিমা বৰুৱা পাণ্ডে বঁটা, ২০১৮’

আজি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুই সংবাদ মাধ্যমক জানিবলৈ দিছে যে বিগত বছৰ সমূহৰ দৰে এইবাৰো সংগঠনটোৱে গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী তথা মহান শিল্পী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সোঁৱৰণত অসমৰ লোককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰসাৰত বৰঙনি যোগোৱা এগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা আগ বঢ়াবলৈ ওলাইছে।

এইবাৰৰ অৰ্থাৎ ২০১৮ বৰ্ষৰ এই বঁটা আগ বঢ়োৱা হৈছে বিশ্বনাথ জিলাৰ লোককৃষ্টিৰ সাধক, প্ৰচাৰবিমুখ বিনোদ খনাললৈ।

উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৱে অহা ২৭ ডিচেম্বৰত চানমাৰিৰ চহিদ উদ্যানত প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু দিৱস পালন কৰিব। উক্ত অনুষ্ঠানটোতে শিল্পীজনক এই বঁটা প্ৰদান কৰা হ’ব বুলি সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে জানিবলৈ দিয়ে।