NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট শিক্ষাবিদ প্ৰভাত চন্দ্ৰ গগৈলৈ ২০২০ বৰ্ষৰ অৰিয়েণ্ট বঁটা

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম August 11, 2020 2:52 pm

বিশ্বনাথ চাৰিআলিৰ আগশাৰীৰ শিক্ষানুষ্ঠান অৰিয়েন্ট্ ফ্লাৱাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ দ্বাৰা প্ৰতি বছৰে প্ৰদান কৰা অৰিয়েন্ট্ বঁটা ২০২০ বৰ্ষৰ বাবে বিশিষ্ট শিক্ষাবিদ আৰু সফল শৈক্ষিক প্ৰশাসক প্ৰভাত চন্দ্ৰ গগৈ নিৰ্বাচিত কৰা হৈছে।

এই কথা প্ৰকাশ কৰে কনিষ্ঠ বিদ্যালয়খনৰ শৈক্ষিক প্ৰশাসক শ্ৰী ভূপেন দাধৰাই।

বিশ্বনাথ অঞ্চলৰ সামগ্ৰিক শিক্ষা জগতত আগবঢ়োৱা প্ৰসংশনীয় অবদানৰ বাবে এই বঁটা গগৈ ডাঙৰীয়াক প্ৰদান কৰা হৈছে বুলি কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষা মীনা দেৱীয়ে উল্লেখ কৰে।

গগৈ ডাঙৰীয়াই বিশ্বনাথ মহাবিদ্যালয়ৰ আৰম্ভণি কালৰে পৰা শিক্ষা বিজ্ঞান বিভাগত প্ৰবক্তাৰ পদেৰে শিক্ষা প্ৰদান কৰাৰ অন্তত উক্ত মহাবিদ্যালয়খনৰ স্থায়ী অধ্যক্ষ ৰূপত অৱসৰ গ্ৰহণ কৰে।

বিশ্বনাথ কলেজ অফ এডুকেশ্যনৰ অধ্যক্ষৰ ৰূপতো তেখেত কাৰ্য নিৰ্বাহ কৰি অনুষ্ঠানটিৰ উত্তৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইয়াৰ উপৰি গগৈয়ে উক্ত অনুষ্ঠান দুটিৰ পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্বও সুচাৰুৰূপে পালন কৰে।

শিক্ষক জীৱনত লিখা শিক্ষা বিজ্ঞানৰ পাঠ্য পুথিয়ে ছাত্ৰ-ছাত্ৰী সমাজক যথেষ্ট উপকৃত কৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বহুকেইখন আলোচনাচক্ৰতো তেখেতে অংশ গ্ৰহণ কৰি আহিছে।

বিশ্বনাথ অঞ্চলৰ আন বহুকেইখন শিক্ষানুষ্ঠান আৰু অনুষ্ঠানত নিজকে জড়িত ৰাখি এই অনষ্ঠানসমূহৰ সামগ্ৰিক বিকাশত এক সবল ভূমিকা পালন কৰি আহিছে প্ৰভাত চন্দ্ৰ গগৈয়ে।

উল্লেখ্য যে কনিষ্ঠ মহাবিদ্যালয়ৰ ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটা ২০১৯ বৰ্ষত প্ৰদান কৰা হৈছিল বিশিষ্ট সাহিত্যিক ইন্দ্ৰ প্ৰসাদ শইকীয়া দেৱক।