NORTHEAST NOW (Assamese)

নতুন মুখে লাভ কৰিব নেকি মুখ্যমন্ত্ৰীৰ পদ ?  মোদীৰ বাসগৃহত চাৰে চাৰিঘন্টাৰ আলোচনা

December 6, 2023 11:10 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কোন হ’ব বিজেপিয়ে জয় লাভ কৰা তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰী? এই কথাক লৈ এতিয়া উত্তেজনাই বিৰাজ কৰিছে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত। 

দলটোৰ সূত্ৰই জনোৱা মতে, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত মুখ্যমন্ত্ৰী পদৰ বাবে কেন্দ্ৰীয় নেতৃত্বই নতুন মুখ বাছি ল’ব পাৰে। 

সূত্ৰসমূহে লগতে কয় যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ কথা মনত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। 

জানিব পৰা মতে, দলটোৰ কেন্দ্ৰীয় নেতৃত্বই তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ বাবে  আলোচনাত মিলিত হৈছে। 

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত চাৰে চাৰি ঘণ্টীয়া বৈঠক অনুষ্ঠিত হয়, য’ত তিনিওখন ৰাজ্যৰ আগশাৰীৰ বিজেপিৰ বিধায়ক সকলৰ বিষয়ে আলোচনা কৰা হয়। 

এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ মুৰব্বী জে পি নাড্ডা উপস্থিত থাকে।

এই মাৰাথন বৈঠকত শ্বাহ আৰু নাড্ডাই এই ৰাজ্যসমূহৰ বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে ৰাজ্যিক নেতাসকলৰ বিষয়ে মতামত সংগ্ৰহ কৰে। 

শীঘ্ৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তিনিওখন ৰাজ্যৰ বাবে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। এই পৰ্যবেক্ষকসকলে তিনিওখন ৰাজ্যৰ নৱনিৰ্বাচিত বিধায়কৰ মাজৰ পৰা মুখ্যমন্ত্ৰী বাছনি কৰিব।

Related News