NORTHEAST NOW (Assamese)
অসম

অসমত ২০৯৮ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.০২ শতাংশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 10:42 pm
642 persons test Covid19 positive in Assam on Saturday

২০৯৮গৰাকী ব্যক্তি বুধবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

২৯,৮৯৬টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.০২ শতাংশ। মঙলবাৰে এই হাৰ আছিল ৬.৯৯ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৫০৫, যোৰহাটৰ ১৭২, ডিব্ৰুগড়ৰ ১৬০ আৰু লখিমপুৰৰ ১৫২গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৬৩,৪৯১লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু ১১গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৯৭লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৮৬গৰাকী ক’ভিড ৰোগীয়ে মঙলবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত মঙলবাৰলৈকে মুঠ ১,৩০,৯৪৭গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।