NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ফালৰ পৰা তৃতীয় স্থানত উপনীত হ’ল ভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 30, 2020 9:04 pm

ক’ৰ’না ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে বিশ্বৰ তৃতীয় সৰ্বাধিক প্ৰভাৱিত দেশ হিচাপে পৰিগণিত হ’ল ভাৰত। এই তালিকাৰ শীৰ্ষত আমেৰিকা আৰু দ্বিতীয় স্থানত ব্ৰাজিল আছে।

ইফালে ক’ৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ফালৰ পৰাও ভাৰতে মেক্সিকোক অতিক্ৰম কৰি তৃতীয় স্থানত উপনীত হয়।

ইয়াৰ পূৰ্বে মৃত্যুৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত তৃতীয় স্থানত থকা মেক্সিকোত এই পৰ্যন্ত ৬৩,১৪৬ গৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে ভাৰতত ক’ৰ’নাৰ ফলত এতিয়ালৈকে মৃত্যু হৈছে ৫৩,৪৯৮ গৰাকী লোকৰ।

উল্লেখ্য যে ক’ৰ’নাৰ ফলত বিশ্বৰ ভিতৰত সৰ্বাধিক লোকৰ মৃত্যু হৈছে আমেৰিকাত। বিশ্বৰ সবাটোকৈ শক্তিশালী দেশখনত এই পৰ্যন্ত ১ লাখ ৮৬ হাজাৰ ৮৫৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি ভাৰতত ৩৫ লাখ ৪২ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰে ৬৩,৪৯৮ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে।

ভাৰতত এতিয়া ৭ লাখ ৬৫ হাজাৰৰো অধিক লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৭ লাখ ১৩ হাজাৰ লোক ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।