NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত ট্ৰাকে মহতিয়াই নিলে ছাত্ৰক

Posted by: যোগেন সূত্ৰধৰ January 18, 2018 8:52 pm

গোৱালপাৰাত আজি অবৈধভাৱে মাটি কঢ়িওৱা এখন ট্ৰাকে মহতিয়াই নিলে এগৰাকী ছাত্ৰক।

ঘৰৰ পৰা টিউচন কৰিবলৈ ওলাই অহা আবু আহমেদ নামৰ ছাত্ৰজনক তীব্ৰবেগী মাটি কঢ়িওৱা ট্ৰাকে চাইকেলসহ মহতিয়াই নিয়া ঘটনাকলৈ উত্তাল হৈ পৰে গোৱালপাৰা চহৰৰ হাচিলাপাৰা ।

এই ঘটনাত গুৰুতৰভাৱে আহত আবু আহমেদ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনক ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নি থকা অবস্থাত মৃত্যু ঘটে।

আবু আহমেদ গোৱালপাৰাৰ মাৰকাছ একাডেমীৰ ছাত্ৰ আৰু তেওঁৰ ঘৰ চিৰাং জিলাৰ ৰাজপাৰাত ।

এই দুৰ্ঘটনা সংঘটিত কৰিয়ে নথি-পত্ৰবিহীন ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে বৰ্তমানলৈকে ট্ৰাকখনৰ কোনো সম্ভেদ উলিয়াব পৰা নাই।