NORTHEAST NOW (Assamese)
অসম

স্বস্তি!১৫ আগষ্টৰ ভিতৰত ভাৰতে বজাৰত মুকলি কৰিব কৰ’নাৰ ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 11:21 am
WhatsApp Image 2020-07-03 at 11.10.23 AM

ৰোগবিধৰ ওচৰত এতিয়া বিশ্বই হাৰ মানিছে। কাৰণ ৰোগবিধৰ কোনো দৰৱ নাই। ইয়াৰ মাজতো আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰতে।

দৰৱ বিহীন, প্ৰতিকাৰ বিহীন কৰ’না ভাইৰাছৰ ভেকচিন সাজু কৰিছে ভাৰতে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে প্ৰস্তত কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ ইতিমধ্যে পৰীক্ষণ সম্পন্ন কৰা হৈছে।

দেশৰ কোটি কোটি জনতাক মাৰাত্মক কৰ’না ভাইৰাচৰ পৰা মুক্ত কৰি ৰাখিবলৈ ভাৰতে সাজু কৰা ভেকচিন ১৫ আগষ্টৰ ভিতৰত বজাৰত মুকলি কৰি দিয়াৰ বাবে সাজু হৈছে ভাৰত।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গভে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে প্ৰস্তত কৰা কৰ’না ভাইৰাছৰ ভেকচিন বি বি ভি ১৫২ কোভিড ১৫ আগষ্টৰ ভিতৰত সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া হব।

তেওঁ লগতে কয় যে পুনেৰ ইনষ্টিটিউট অৱ ভাইৰ’ল’জিয়ে পৃথকীকৰণ কৰা ছাৰছ কভ-২ৰ সাৰাংশ লৈ ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে প্ৰস্তত কৰিছে কৰ’না ভাইৰাছৰ ভেকচিন বি বি ভি ১৫২।

এই ভেকচিনে মানৱ দেহত সঠিক ভাৱে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।