NORTHEAST NOW (Assamese)
অসম

ভাৰতত অব্যাহত আছে ক’ৰ’নাৰ সংহাৰ; ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 3, 2020 11:52 am

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ২০,৯০৩ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৭৯ গৰাকী ৰোগী।

আক্ৰান্তৰ ফালৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৬,২৫,৫৪৪ গৰাকী আৰু মৃত্যু হৈছে ১৮,২১৩ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ২,২৭,৪৩৯ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৩,৭৯,৮৯২ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

ইফালে ৰাজ্যৰ ভিতৰতে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক ১,৮৬,৬২৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ৮,১৭৮ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

আনহাতে তামিলনাডুত এতিয়ালৈ ৯৮,৩৯২ গৰাকী লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে ১৩২১ গৰাকী ৰোগী।

ইয়াৰ উপৰি দিল্লীত ৯২,১৭৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,৮৬৪ গৰাকী লোক মৃত্যুমুখত পৰিছে।