NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচনী প্ৰতিশ্ৰুতিত জনকল্যাণ নহয়, সুৰাৰ দাম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিলে বিজেপিৰ সভাপতিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 29, 2021 3:13 pm
BJP

আপোনাক মাত্ৰ ৭০ টকাতে সুৰাৰ এটা ফুল বটল লাগিব নেকি? যদি লাগে অথবা বিচাৰে তেনে চিন্তা নকৰিব,আপোনালৈ এই সুযোগ লৈ আহিছে বিজেপিয়ে।

হয়, বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিলে সুৰাপায়ীসকলক মাত্ৰ ৭০ টকাতে দিব এক ফুল বিলাতী সুৰা!ভোটাৰলৈ এক বাম্বাৰ অফাৰ প্ৰদান কৰিছে বিজেপিৰ এজন বিশিষ্ট নেতাই।

বিজেপিৰ নেতাগৰাকীৰ মতে বিজেপিক ভোট দি জিকাওক আৰু লাভ কৰক মাত্ৰ ৭০ টকাত সুৰাৰ ফুল বটল। অৱশ্যে এই বাম্পাৰ অ’ফাৰ গোটেই দেশবাসীৰ বাবে নহয়।

এই বাম্পাৰ অ’ফাৰ আগবঢ়াইছে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক বিজেপিৰ সভাপতি সোমু বীৰাজুৱে।

বিজয়ৱাড়াৰ এখন দলীয় ৰাজহুৱা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়, “আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ১ কোটি ভোট দিয়ক আৰু আমি আপোনালোকক মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিম।” ইমানেই নহয় ৰাজ্যৰ ৰাজহৰ পৰিমাণ বেছি হ’লে মাত্ৰ ৫০ টকাত সুৰা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছে বিজেপিৰ নেতাগৰাকীয়ে।

উল্লেখ্য যে ২০২৪ত অন্ধ্ৰ প্ৰদেশত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনলৈ আৰু প্ৰায় দুটা বছৰৰ থকা অৱস্থাতে ৰাজ্যখনৰ ক্ষমতা দখলৰ ৰণডংকা এইদৰে বজাইছে বিজেপিয়ে।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে YSR Congressৰ YS জগণ মোহন ৰেড্ডীৰ চৰকাৰে ৰাজ্যখনত অধিক মূল্যত নিম্নমানৰ সুৰা প্ৰদান কৰি আহিছে বুলিও অভিযোগ কৰে।

আনকি অন্ধ্ৰ প্ৰদেশ চৰকাৰে কৃত্ৰিম সুৰা উৎপাদন কৰি বিক্ৰী কৰা বুলিও গুৰুতৰ অভিযোগ কৰিছে বীৰাজুৱে।

“ৰাজ্য চৰকাৰে মানুহৰ তেজ পান কৰি আছে। প্ৰতিমাহে এজন ব্যক্তিয়ে সুৰাৰ বাবে ১২০০ টকা খৰচ কৰে। সুৰাৰ ব্ৰেণ্ডৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰাৰ বাবে ৰাজ্যখনত সুৰা প্ৰিমিয়ামত বিক্ৰী কৰা হৈছে” বুলিও মন্তব্য কৰে বীৰাজুৱে।

ইফালে ৰাজ্য চৰকাৰে মূল্য সংযোজিত কৰ হ্ৰাস কৰিলেও বজাৰ খুচুৰা বজাৰ মূল্যত ‘বিশেষ লাভ’ যোগ দিয়াৰ ফলত সুৰাৰ দাম অপৰিৱৰ্তিত হৈ থকা বুলিও অভিযোগ কৰিছে ৰাজ্যিক সভাপতি গৰাকীয়ে।

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ভোটৰ বিনিময়ত কম মূল্যত সুৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে বিষয়টো সৰৱ চৰ্চা লাভ কৰিছে।