NORTHEAST NOW (Assamese)
অসম

অকল ৰে’লত ১,৩০,০০০, নেহৰু যুৱ কেন্দ্ৰৰ ১২ হাজাৰটা পদ; লোকসভা নিৰ্বাচনৰ পূৰ্বে চাকৰিৰ বৰষুণ

Posted by: এন ই নাও নিউজ February 21, 2019 5:25 pm
Massive recruitment drive, 2019 by Indian Railways: NTPC/ Paramedical Staff/ Grade IV/ Other Posts (130,000 Posts)

’১৪ৰ সাধাৰণ নিৰ্বাচনত বছৰি ২ কোটি চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতিৰে ৩৫ বছৰৰ তলৰ ৬৫ শতাংশ ভোটাৰবিশিষ্ট দেশ ভাৰতৰ যুৱশক্তিৰ সমৰ্থন জিনি ওলোটাই শাসন দখলৰ পিছত গ্ৰহণ কৰা সুস্থিৰ অৰ্থনৈতিক কল্পদৃষ্টিহীন বিমুদ্ৰাকৰণ, জি এছ টিৰ দৰে পদক্ষেপেৰে থকা চাকৰিও নোহোৱা কৰা বুলি বিৰোধীকে ধৰি বহু লোকৰ তীব্ৰ সমালোচনাৰ মুখত পৰা মোদী চৰকাৰে আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে আনিছে চাকৰিৰ বৰষুণ।

কেৱল ভাৰতীয় ৰে’লৱে’তে ওলাইছে বিভিন্ন বৰ্গৰ মুঠ ১ লাখ ৩০ হাজাৰটা পদ।

২০২১ চনৰ ভিতৰত মুঠ ২৩০,০০০ পদত নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে ৰে’ল মন্ত্ৰ্যালয়ে। প্ৰথম পৰ্য্যায়ত এতিয়া মুকলি কৰা পদসমূহৰ নিযুক্তি সম্পূৰ্ণ হ’ব ২০২০ চনৰ এপ্ৰিল-মে’ত।

ৰে’লৱে’ ৰিক্ৰুইতমেন্ত ব’ৰ্দ (RRB) আৰু ৰে’লৱে’ ৰিক্ৰুইতমেন্ত চে’ল (RRC)এ নন তে’কনিকেল পপ্যুলাৰ কেতেগ’ৰি, পেৰামেদিকেল স্তাফ, চতুৰ্থ বৰ্গ আৰু অন্যন্য বিভাগৰ এই পদসমূহৰ বাবে আবেদন আহ্বান কৰিছে।

তলৰ লিংকটোত ক্লিক কৰি পদসমূহৰ বাবে প্ৰয়োজনীয় যোগ্যতা, দৰমহা আৰু অন্যান্য সুবিধা, নিৰ্ধাৰিত সংৰক্ষণ, আবেদনৰ মাচুল, আবেদনৰ অন্তিম সময়সীমা আৰু বয়সৰ সীমা সম্পৰ্কে সবিশেষ জানিব পাৰিব।

ৰে’ল মন্ত্ৰ্যালয়ৰ বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক

তাৰোপৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ অন্তৰ্গত নেহৰু যুৱ কেন্দ্ৰ সংগঠনটো মুকলি হৈছে মুঠ ১২০০০টা পদৰ চাকৰি।

নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ চাকৰিৰ বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।