NORTHEAST NOW (Assamese)
অসম

প্ৰাপ্যৰ দাবীত বিশ্বনাথত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিক্ষোভ কাৰ্যসূচী

Posted by: কাজি জেইদুল ইছলাম February 21, 2019 4:57 pm
বিভিন্ন দাবীৰ সমৰ্থনত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই আজি ৰূপায়ণ কৰা ৰাজ্যজোৰা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথ চাৰ্কোল সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰা হয়।
সেই অনুসৰি প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে বিশ্বনাথ চাৰিআলি নগৰৰৰ মাজ মজিয়াৰ পৰা পদযাত্ৰা উলিয়াই বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে।
উল্লেখযোগ্য যে চাহ শ্ৰমিক সকলে দীৰ্ঘদিনৰ পৰা মজুৰি বৃদ্ধি কৰা, তেওঁলোকে পাব লগীয়া বকেয়া মজুৰি মোকলাই দিয়া, চাহ শ্ৰমিক থকা কোৱাৰ্টাৰৰ মাটিৰ পট্টা দিয়া আদিৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত কোনোধৰনৰ সঁহাৰি নোপোৱাত তেওঁলোক ক্ষোভিত হৈ পৰিছে।
আজি প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ প্ৰাপ্যৰ দাবীত বিভিন্ন শ্ল’গানেৰে বিশ্বনাথ জিলা উপায়ুক্তৰ চৌহদ কঁপাই তোলে পিছত তেওঁলোকে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।