NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! বিমান দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ১৬ জনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2021 6:44 pm
Plane Crashes In Russia

ৰাছিয়াত সংঘটিত হৈছে এক মৰ্মান্তিক বিমান দুৰ্ঘটনা।

ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰালয়ে জনোৱা মতে, দেওবাৰে মধ্য ৰাছিয়াত পেৰাচুটিষ্ট কঢ়িয়াই অনা এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৬ জন লোক নিহত হয়।

মন্ত্ৰালয়ে ইয়াৰ টেলিগ্ৰাম চেনেলত কয় যে ২২ জন লোকক কঢ়িয়াই নিয়া এল-৪১০ বিমানখন স্থানীয় সময় অনুসৰি প্ৰায় ৯:২৩ বজাত তাতাৰস্তানৰ ওপৰেৰে উৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়।

“১৬ জন ব্যক্তিৰ মৃতদেহ পোৱা গৈছে আৰু সাতজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে” মন্ত্ৰালয়ে কয়।

মন্ত্ৰালয়ৰ দ্বাৰা প্ৰকাশিত ছবিত দেখা গৈছে যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন প্ৰায় ভাগি গৈছে।

স্থানীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি জীৱন্তে উদ্ধাৰ হোৱা সাতজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন ৰাছিয়াৰ সেনা, বিমান আৰু নৌবাহিনীৰ সহায়ৰ বাবে স্বেচ্ছাসেৱী সংস্থাৰ আছিল।