NORTHEAST NOW (Assamese)
অসম

বৰ্ষীয়ান সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভবেশ বৰুৱাৰ মৃত্যুত বঙাইগাঁও প্ৰেছ ক্লাব, আপজু আৰু  জাফাৰ শোক

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও November 19, 2021 1:49 pm

বৰ্ষীয়ান সাংবাদিক তথা আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰধান ভৱেশ বৰুৱাৰ মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকবাৰ্তাত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই কয় যে অসমৰ মফচলীয় সাংবাদিকসকলৰ জীৱন, আৰ্থিক নিৰাপত্তা আৰু প্ৰেছৰ স্বাধীনতাৰ হকে সদায় মাত মাতি অহা ভৱেশ বৰুৱা এজন নিৰ্ভীক, স্পষ্টবাদী আৰু আপোচবিহীন সাংবাদিকৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷

তেওঁৰ মৃত্যু অসমৰ মফচলীয় সাংবাদিকতাৰ লগতে সাংবাদিক সমাজখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷

লগতে শোকাকুল পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ ইপিনে বিশিষ্ট সাংবাদিক, লেখক তথা ‘আপকু’ ৰ প্ৰতিষ্ঠাপক সম্পাদক ভৱেশ বৰুৱাৰ মৃত্যুত অসম প্ৰদেশ জাৰ্নেলিষ্ট ইউনিয়ন চমুকৈ আপজুৱে গভীৰ শোক প্ৰকাশ কৰিছে।

আপজুৰ কেন্দ্ৰীয় সভাপতি কুঞ্জমোহন ৰায়, কাৰ্যকৰী সভাপতি অৰূপ ৰঞ্জন বৰ্মন আৰু সাধাৰণ সম্পাদক কুন্তল কলিতাই এক শোক বাৰ্তাত অসমৰ মফছলীয় সাংবাদিকৰ সংগ্ৰামী সত্তা ভবেশ বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে এক অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে ৷

লগতে প্ৰয়াত বৰুৱাৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আপজুৱে ৷ আনহাতে আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জাফাই ।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে — জ্যেষ্ঠ সাংবাদিক ভবেশ বৰুৱাৰ মৃত্যু অসমৰ সাংবাদিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি ।

তেখেতৰ মৃত্যুত সাংবাদিক সমাজে এক বলিষ্ট কণ্ঠৰ আৰু দূৰদৰ্শী , উদাৰ মনোভাৱৰ ব্যক্তি হেৰুৱালে । জাফাৰ নেতৃত্বই শোকাকুল পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে ।