NORTHEAST NOW (Assamese)
অসম

Covid-19 Update দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ হ্ৰাস; মৃত্যুৰ সংখ্যাই এতিয়াও অব্যাহত ৰাখিছে চিন্তা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 19, 2021 1:25 pm
Corona India.jpg vaccination

Covid-19 Update দেশত উৎসৱৰ বতৰ প্ৰায় শেষ হোৱাৰ সময়তে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যাই এতিয়াও চিন্তাত ৰাখিছে।  

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ১০৬জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৪৫৯ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

Also Read: Farm Law জয় কিষাণ! অৱশেষত বাতিল কৃষি আইন; কৃষকক পথাৰলৈ ঘুৰি অহাৰ আহ্বান মোদীৰ

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬ হাজাৰ ৮২জন।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৮লাখ ৯৭হাজাৰ ৯২১জন। সুস্থতাৰ হাৰ হৈছে ৯৮.২শতাংশ।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ২৬হাজাৰ ৬২০জন। এই মুহূৰ্তত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ ০.৩৭শতাংশ।

Also Read:Policemen attack Judge হাতত পিষ্টল লৈ আদালত কক্ষত দণ্ডাধীশৰ ওপৰত আক্ৰমণ আৰক্ষী বিষয়াৰ; তীব্ৰ চাঞ্চল্য মধুবনীত

বৰ্তমানলৈ দেশত ১১ কোটি ২৩ লাখ ৪৯ হাজাৰ ৩৫ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত প্ৰায় ৭৩লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।