NORTHEAST NOW (Assamese)
Popular Stories

ৰোহিত শৰ্মাই ভংগ কৰিলে শচীন টেণ্ডুলকাৰ, হাছিম আমলাৰ এই অভিলেখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 18, 2020 10:00 am
cwc-2019-ind-vs-sl-rohit-sharma-century-770x435

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰাজকোটত খেলা দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত বিশ্বৰ দ্ৰুততম অ’পেনাৰ বেটছমেন হিচাপে ৭০০০ ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মা।

ৰোহিত শৰ্মাই মাত্ৰ ১৩৭ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে।

অ’পেনাৰ হিচাপে এই অভিলেখ গঢ়াৰ পথত ৰোহিত শৰ্মাই ভংগ কৰে ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাৰ অভিলেখ।

হাচিম আমলাই অ’পেনাৰ হিচাপে ৭০০০ ৰান সংগ্ৰহ কৰিবলৈ ১৪৭ টা ইনিংছ খেলাৰ বিপৰীতে শচীন টেণ্ডুলকাৰে খেলিছিল ১৬০ টা ইনিংছ।

উল্লেখযোগ্য যে, শচীন টেণ্ডুলকাৰ, পূৰ্বৰ অধিনায়ক সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ ছেহৱাগৰ পাছত অপেনিং বেটছমেন হিচাপে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭০০০ ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মা চতুৰ্থগৰাকী ভাৰতীয় ক্ৰিকেটাৰ।

ৰোহিত শৰ্মাই বৰ্তমানলৈ ২২৩ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈ ২১৬ টা ইনিংছত ৪৮.৮৯ গড়ে ৯৯৯৬ ৰান সংগ্ৰহ কৰিছে। য’ত আছে ২৮ টা শতৰান ইয়াৰ ভিতৰত তিনিটা দ্বিশতৰান।