NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰত নাবালিকাক ধৰ্ষণৰ চেষ্টা চলাই হত্যা কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2022 2:59 pm

শোণিতপুৰত এগৰাকী নাবালিকাক ধৰ্ষণৰ চেষ্টা চলাই হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে এজন ৪৪ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। বাতৰি অনুসৰি, লোকজনে মঙলবাৰে অপৰাধটো সংঘটিত কৰিছিল।

তেওঁক ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ভাকুৱামাৰী গাঁৱৰ বাসিন্দা হজৰত আলী বুলি চিনাক্ত কৰা হৈছে। সন্দেহৰ ভিত্তিত এক অভিযানত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক: চিকিৎসালয়ৰ মৰ্গত থকা মহিলাৰ মৃতদেহৰ পৰ চকু উলিয়াই নিবলৈ চেষ্টা কৰাৰ অভিযোগ; তীব্ৰ চাঞ্চল্য

গ্ৰেপ্তাৰ হোৱাৰ পিছত অভিযুক্তজনে স্বীকাৰ কৰিছে যে তেওঁ ছোৱালীজনীক তাইৰ ঘৰতে হত্যা কৰিছিল।

অভিযুক্তই স্বীকাৰ কৰা মতে তেওঁ ছোৱালীজনীৰ ঘৰত কোনো নথকাৰ সময়ত   প্ৰৱেশ কৰিছিল ।

পাষণ্ডটোৱে টোপনিতে নাবালিকাগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল যদিও তাই সাৰ পাই চিঞৰিবলৈ আৰম্ভ কৰাত সন্ত্ৰস্ত হৈ পৰে আৰু তাৰ পিছত তেওঁ তাইক শ্বাসৰুদ্ধ কৰি হত্যা কৰি ঘটনাস্থলীৰ পৰা পলাই যায়।

লগতে পঢ়ক: চলন্ত অটোৰিক্সাত কিশোৰীক যৌন উৎপীড়নৰ চেষ্টা চালকৰ: আত্মৰক্ষাৰ বাবে পথত জাঁপ দিলে কিশোৰীয়ে

ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে তেওঁক সন্দেহজনক হিচাপে চিনাক্ত কৰাৰ পিছত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাটোৰ তদন্ত চলি আছে।