NORTHEAST NOW (Assamese)
অসম

ষ্টে’ট বেংকত ৯ হাজাৰ চাকৰি, অসমীয়া জনাসকলৰ বাবে বিশেষ সুযোগ

Posted by: এন ই নাও নিউজ April 17, 2019 6:03 pm
SBI Recruitment 2019

ভাৰতীয় ষ্টে’ট বেংকৰ জুনিঅৰ এছছিয়ে’ট (গ্ৰাহক সহায়ক আৰু বিক্ৰী) পদবীৰ ৮৯০৪টা পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।

অসমত মুঠ ৩০০টা পদ মুকলি হোৱা এই নিযুক্তিত স্থানীয় ভাষা বিষয়তো প্ৰাৰ্থীৰ দখলৰ পৰীক্ষা লোৱা হ’ব। ফলত স্থানীয় প্ৰাৰ্থীসকলে এইক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাৰ নিশ্চিত সুযোগ সৃষ্টি হৈছে।

অসমৰ লগতে অৰুণাচল প্ৰদেশত ৫৭, মণিপুৰত ১০, মেঘালয়ত ৩২, মিজোৰামত ১৯, নাগালেণ্ডত ৪০ আৰু ত্ৰিপুৰাত ২৮টা পদ মুকলি হৈছে।

১ এপ্ৰিল, ২০১৯ত ২০ৰ পৰা ২৮ বছৰ বয়সত ভৰি দিয়া স্নাতক, ভাৰতীয় যুৱক-যুৱ্তীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলেও এই আবেদনৰ সুযোগ পাব। কিন্তু নিযুক্তি লাভ কৰিলে তেওঁলোকে ৩১ আগষ্ট, ২০১৯ৰ ভিতৰত স্নাতক উত্তীৰ্ণ হোৱা বুলি প্ৰমাণ দাখিল কৰিব লাগিব।

বয়সৰ ক্ষেত্ৰত নিয়ম অনুসৰি পাব লগা ৰেহাইসমূহ এই নিযুক্তিৰ ক্ষেত্ৰত বাহাল থাকিব।

আবেদনপত্ৰ, দৰমহা আৰু সবিশেষ তথ্য পাবলৈ ইয়াত ক্লিক কৰক।