NORTHEAST NOW (Assamese)
অসম

প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী April 21, 2022 4:35 pm
প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা প্রাক্তন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ সোঁৱৰণত প্ৰত্যেক বছৰে তেওঁৰ মৃত্যু তিথিটো অসম জাতীয় পৰিষদে ভাষা গৌৰৱ দিৱস হিচাবে পালন কৰিব। 

বৃহস্পতিবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভূঞাই।

লগতে পঢ়ক: চতুৰ্থ ঢৌ: দেশত বিগত ২৪ ঘণ্টাত কিমান লোক আক্ৰান্ত হ’ল কোভিডত ?

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই লুৰীণজ্যোতি গগৈয়ে কয়, “আজি দিনটোৰ পৰাই অসমীয়া ভাষা আৰু জাতীয়তাবাদ ৰক্ষা কৰাৰ সংকল্প লৈছে অজাপই। সেয়েহে অসমীয়া ভাষাটোক আগুৱাই নিয়াৰ বাবে তথা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক পদ্মনাথ গোহাঞি বৰুৱাৰ সোঁৱৰণত অসম জাতীয় পৰিষদে তেওঁৰ মৃত্যু তিথিটো প্ৰত্যেক বছৰে ভাষা গৌৰৱ দিৱস হিচাপে পালন কৰিব।‘’

তদুপৰি, লুৰীণজ্যোতি গগৈয়ে খিলঞ্জীয়া ৰাইজক পৌৰ নিগমৰ নিৰ্বাচনত ১০০ শতাংশ ভোটদান কৰিবলৈ আহ্বান জনায়।