NORTHEAST NOW (Assamese)
Popular Stories

গুজৰাটী হ’ল বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী! ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছৰ পৰা নাম হ’ল তুলসীভাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2022 4:49 pm
Modi gives Gujarati name to WHO chief

ভাৰত ভ্ৰমণলৈ অহা বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ হৈ পৰিছে এজন খাটি গুজৰাটী। WHO ৰ মুৰব্বী ঘেব্ৰেয়েচাছক গুজৰাটী নামেৰে নামাকৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বুধবাৰে গান্ধীনগৰত মহাত্মা গান্ধীৰ জন্মস্থানত অনুষ্ঠিত গোলকীয় আয়ুষ আৰু উদ্ভাৱন সন্মিলনত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীজনক প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱাকৈ তুলসীভাই নাম দিয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ মোৰ এজন ভাল বন্ধু। তেওঁ মোক কৈছে যে তেওঁ আজি যি স্থানত উপনীত হৈছে, এইয়া ভাৰতীয় শিক্ষকসকলৰ বাবেই হৈছে।”

ভাৰতৰ সৈতে জড়িত হৈ টেড্ৰোছ গৌৰৱান্বিত হৈছে বুলি মন্তব্য কৰি মোদীয়ে লগতে কয়, “আজি পুৱা টেড্ৰোছে মোক তেওঁ গুজৰাটী হৈ পৰিছে বুলি উল্লেখ কৰিছে। ‘

টেড্ৰোছে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ বাবে গুজৰাটী হিচাপে কি নাম নিৰ্ণয় কৰিছে বুলি সোধা বুলিও মোদীয়ে হাস্যবদনে প্ৰকাশ কৰে।

এই প্ৰসঙ্গতে মোদীয়ে কয়, “টেড্ৰোছ এতিয়া ‘পকী গুজৰাটী’ হৈ পৰিছে। গুজৰাটী হিচাপে মই তেওঁক তুলসী ভাই বুলি মাতিম।”

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে টেড্ৰোছৰ এই নামাকৰণৰ বৰ্ণনাও কৰে। ” আধুনিক প্ৰজন্মই তুলসী উদ্ভিদক পাহৰি গৈছে। কিন্তু অতীজৰ পৰা তুলসীক পূজা কৰা হৈছে। আনহাতে গুজৰাটী নাম ‘ভাই’ অবিহনে অসম্পূৰ্ণ।”