NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় পেচাৰৰ ধুমুহাত বিপৰ্যস্ত শ্ৰীলংকা; দ্বিতীয় টেষ্টৰ প্ৰথম দিনাই চালকৰ আসনত ভাৰত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2022 7:17 am

বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-শ্ৰীলংকাৰ দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ভাৰতে চালকৰ আসনত বহিবলৈ সক্ষম হৈছে।

দিনটোৰ আৰম্ভণিতে শ্ৰীলংকাৰ বলাৰসকলে এটাৰ পিছত আন এটা উইকেট দখল ভাৰতীয় ইনিংছৰ টপ অৰ্ডাৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। শ্ৰেয়াস আয়াৰৰ বাহিৰে কোনো এগৰাকী ভাৰতীয় বেটাৰেই ক্ৰীজত তিষ্ঠিব নোৱাৰিলে।

ভাৰতে এটা সম্পূৰ্ণ দিন বেটিং কৰাত ব্যৰ্থ হয়। অৱশ্যে এনে পৰিস্থিতিত শ্ৰীলংকাৰ ইনিংছত ভাৰতীয় বলাৰেও ত্ৰাসৰ সৃষ্টি কৰিব পাৰে বুলি অনুমান কৰা হৈছিল।

লগতে পঠক: বস্ত্ৰ নগৰী শুৱালকুছিত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইউছুফ পাঠান

শ্ৰীলংকাৰ ইনিংছ আৰম্ভ হোৱাৰ পিছতেই এই অনুমান সত্যত পৰিণত হ’ল। যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামীৰ পেচ ধুমুহাৰ বিপৰ্যস্ত হৈ পৰিল শ্ৰীলংকা। প্ৰথম দিনৰ খেলৰ শেষলৈকে ভ্ৰমণকাৰী শ্ৰীলংকাই মাত্ৰ ৮৬ৰাণতে ৬ উইকেট হেৰুৱায়।

শ্ৰীলংকাৰ প্ৰথম ইনিংছৰ মাত্ৰ ১৪ ৰাণতে তিনিটা উইকেটৰ পতন ঘটায় ছামী আৰু বুমৰাহে। এঞ্জেলা মেথিউজে কিছু প্ৰতিৰোধৰ চেষ্টা চলাই ৪৩ৰাণ কৰি আউট হয়। প্ৰথম ইনিংছত কৰুনাৰত্নেৰ শ্ৰীলংকা চাপত পৰিছে আৰু দেওবাৰে দ্বিতীয় দিনা ভ্ৰমণকাৰী দলটোৰ ইনিংছ বেছি দীঘলীয়া হোৱাৰ আশা কৰিব নোৱাৰি।

উল্লেখ্য যে শৃংখলাৰ প্ৰথমখন টেষ্টত ভাৰতে শ্ৰীলংকাক এক ইনিংছ আৰু ২২২ৰাণত পৰাস্ত কৰিছিল। ৰোহিতৰ দলৰ কেইবাজনেও অভিলেখো গঢ়িছিল।

WhatsApp Image 2022-03-13 at 6.36.35 AM
প্ৰথম ইনিংছত শ্ৰেয়স আয়াৰৰ দৰ্শনীয় ইনিংছ।

পিচে, চিন্নাস্বামীৰ বলিং সহায়ক উইকেটত টছত জিকি বেটিং কৰিবলৈ লৈ অপেনাৰ ৰোহিত শৰ্মা(১৫) আৰু মায়ংক আগৰৱাল (৪) ব্যৰ্থ হয়। হনুমা বিহাৰীয়ে ইনিংছ গঢ়াৰ চেষ্টা কৰিছিল যদিও ৩১ৰাণ কৰি পেভলিয়নমুখী হয়। বিৰাট ইনিংছ খেলাত আকৌ এবাৰ ব্যৰ্থ হয় কোহলি। মাত্ৰ ২৩ৰাণ কৰিয়েই এইবাৰ ক্ৰীজ এৰে প্ৰাক্তন অধিনায়কগৰাকীয়ে।

লগতে পঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ হৈ যুদ্ধত নামিল বিশ্বৰ শ্ৰেষ্ঠ স্নাইপাৰ ‘ৱালি’

ইয়াৰ মাজতে আকৌ এবাৰ উজলি উঠিল ভাৰতীয় দলৰ তাৰকা শ্ৰেয়া স আয়াৰ। অকলেই ৯২ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলি দলৰ ৰাণ ২৫০ৰাণ অতিক্ৰম কৰাত অৰিহনা যোগায়।

ইপিনে, ভাৰতীয় পেচাৰৰ আক্ৰমণত প্ৰায় দিশহাৰা হৈ পৰিছে শ্ৰীলংকাৰ বেটাৰ। প্ৰথম দিনাৰ খেলৰ অন্তলৈকে ৰোহিত টীম ইণ্ডিয়াই খেলৰ নিয়ন্ত্ৰণ সম্পূৰ্ণ নিজৰ হাতত ৰখা বুলি কব পাৰি।