NORTHEAST NOW (Assamese)
অসম

কি ভয়াবহ ৰোগত আক্ৰান্ত হোৱাৰ ভয়ত ২০২১ বৰ্ষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি ল’ব পাৰে পুটিনে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 3:10 pm
static.politico.com

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমাৰ পুটিনে ২০২১ বৰ্ষৰ জানুৱাৰি মাহত ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰিব পাৰে।

আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পুটিনৰ শৰীৰত পাৰ্কিনছন ৰোগৰ লক্ষণে দেখা দিছে আৰু এই ৰোগত জটিলভাৱে আক্ৰান্ত হোৱাৰ ভয়তে পুটিনে ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰাৰ সম্ভাৱনাই দেখা দিছে।

সূত্ৰত প্ৰকাশিত বাতৰি অনুসৰি পুটিনৰ কন্যাই পিতৃক ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে।

২০১২ বৰ্ষৰ পৰা পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছে।

উল্লেখযোগ্য যে, পাৰ্কিনছন ৰোগ হৈছে এক ধৰণৰ মগজুৰ ৰোগ।

প্ৰাথমিক অৱস্থাত এই ৰোগত আক্ৰান্ত হোৱা লোক সকলে খোজ কঢ়া আৰু কথা কোৱাত অসুবিধাত ভোগে আৰু পৰৱৰ্তী সময়ত ক্ৰমে এই ৰোগে জটিল ৰূপ ধাৰণ কৰি মানুহৰ স্মৃতি শক্তি সম্পুৰ্ণৰূপে নোহোৱা কৰি দিব পাৰে।