NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় নৌসেনাতো ওলাল কৰ’না; পৰীক্ষাত ধৰা পৰিল ২১ নৌসেনাৰ দেহত কোভিড-১৯পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 10:04 am
navy_image-770x433 new

কৰ’না ভাইৰাছে লাহে লাহে ভাৰতত সংক্ৰমণৰ পৰিসৰ বৃদ্ধি কৰি আনিছে। এইবাৰ ভাৰতীয় নৌসেনালৈকো ইয়াৰ আতংক সম্প্ৰসাৰিত হৈছে।

বাতৰি অনুসৰি, নৌসেনাৰ ২৫জনতকৈয়ো অধিক কৰ্মীৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ২১ জনৰ দেহত পজিটিভ ধৰা পৰিছে।

মুম্বাইৰ আই এন এছ আংগ্ৰেত ২০টা পজিটিভ ঘটনা ধৰা পৰিছে। জানিব পৰা মতে মুম্বাইৰ আই এন এছ আংগ্ৰেৰ এজন নাবিকৰ পৰা বাকী লোকলৈ ইয়াৰ সংক্ৰমণ ঘটিছে। উক্ত নাবিকজনৰ যোৱা ৭ এপ্ৰিলত পৰীক্ষাত পজিটিভ ধৰা পৰিছিল।

মুম্বাইৰ আই এন এছ আংগ্ৰেৰ পৰিসৰৰ ভিতৰৰ লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে। তদুপৰি, আৰু যাতে সংক্ৰমণ বিয়পিব নোৱাৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

যুদ্ধ জাহাজ আৰু ছাবমেৰিনত সংক্ৰমণ ঘটা নাই বুলি কোৱা হৈছে।

দেশত ইতিমধ্যে চিকিৎসক, স্বাস্থ্যকৰ্মীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে।

আনহাতে, ভাৰতীয় সেনাৰ বিষয়াও কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱাৰ খৱৰ পোৱা গৈছে। ভাৰতীয় সেনাৰ এগৰাকী লেফটেনেন্ট কৰ্ণেল পৰ্যায়ৰ চিকিৎসকৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

ভাৰতীয় সেনাৰ উক্ত লেফটেনেন্ট কৰ্ণেল পৰ্যায়ৰ চিকিৎসকগৰাকীয়ে কোভিড-১৯ৰ বিৰুদ্ধে অভিযানত চিকিৎসক হিচাপে সেৱা আগবঢ়াইছিল।

সেনাৰ সূত্ৰ অনুসৰি সেনাৰ চিকিৎসকগৰাকীয়ে দিল্লীত সেনাৰ মুখ্য কাৰ্যালয়ৰ এটা অংশত নিযুক্ত আছিল আৰু কোভিড-১৯ৰ বিৰুদ্ধে অভিযানত সেৱা আগবঢ়াইছিল।

সেনাৰ এই চিকিৎসকগৰাকীৰ সম্পৰ্কলৈ অহা লোকসকলক চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে আইছ’লেট কৰা হৈছে। এই চিকিৎসকগৰাকীকে ধৰি সেনাৰ মুঠ পাঁচজন লোক কোভিড-১৯ত আক্ৰান্ত বুলি কোৱা হৈছে।