NORTHEAST NOW (Assamese)

প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহা! দৌৰি থাকোতেই মৃত্যু হ’ল ২১ জনকৈ লোকৰ, ক’ত?

May 23, 2021 2:52 pm · এন ই নাও নিউজ

দৌৰি থাকোতেই মৃত্যু হ’ল একৈশজন লোকৰ।

চীনৰ উত্তৰপশ্চিম অঞ্চলৰ বাইয়িইন নামৰ চহৰখনৰ সমীপৰ এক পাৰ্বত্য অঞ্চলত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে।

দেশখনৰ সংবাদ মাধ্যমত দেওবাৰে প্ৰকাশ পোৱা বাতৰিমতে, লোককেইজনে শনিবাৰে আবেলি পাৰ্বত্য অঞ্চলটোত থকা ‘য়েল্ল’ ৰিভাৰ ষ্ট’ন ফৰেষ্ট’ত ১০০ কিলোমিটাৰ দূৰত্বৰ এক মাৰাথান দৌৰত অংশ লৈছিল।

কিন্তু পাৰ্বত্য অঞ্চলটোত প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাই লোককেইজনৰ প্ৰাণ কাঢ়ে।

দেশখনৰ চৰকাৰী দূৰদৰ্শন চেনেল চিচিটিভি-য়ে অনুমান কৰা মতে প্ৰায় ২১জন লোকৰ এই প্ৰাকৃতিক বিপৰ্যয়ত মৃত্যু হৈছে।

মাৰাথানৰ আয়োজনকসকলে ১৭২জন অংশগ্ৰহণকাৰীৰ ভিতৰত ১৮ জনক এই প্ৰাকৃতিক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

স্থানীয় প্ৰশাসনে বৰ্তমান উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।

 

Related News