NORTHEAST NOW (Assamese)
অসম

মিজোৰামত পুনৰ ২৩ গৰাকী সুৰক্ষা বাহিনীৰ জোৱান ক’ৰ’না প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 11:17 am

মিজোৰামত পুনৰ ২৩ গৰাকী সুৰক্ষা বাহিনীৰ জোৱানৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২৩ গৰাকী সুৰক্ষা বাহিনীৰ জোৱানকে ধৰি মুঠ ২৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মিজোৰামত বৰ্তমানলৈ মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৯৮৬ গৰাকীলৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত মিজোৰামত ক’ৰ’না প’জিটিভ হোৱা ২৮ গৰাকী লোকৰ ভিতৰত ১৪ গৰাকী আইজল জিলাত, ১১ গৰাকী চাৰ্চিপ জিলাৰ, দুইগৰাকী লুংগলেই জিলাৰ আৰু এগৰাকী চাম্ফাই জিলাৰ।

আনহাতে, মিজোৰামত ক’ৰ’না প’জিটিভ হোৱা ২৩ গৰাকী সুৰক্ষা বাহিনীৰ জোৱানৰ ভিতৰত ১৫ গৰাকী বি এছ এফৰ জোৱান আৰু ৭ গৰাকী অসম ৰাইফলছৰ জোৱান।

মিজোৰামত শেহতীয়াভাৱে কোভিড প’জিটিভ হোৱা লোক সকলৰ অধিকাংশ লোক সাধাৰণ ক’ৰ’না লক্ষণ বিশিষ্ট।

উল্লেখযোগ্য যে, মিজোৰামত এতিয়ালৈ কোনো লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।