NORTHEAST NOW (Assamese)
অসম

মাজনিশা মুম্বাইৰ ঘৰতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু জনপ্ৰিয় অভিনেতা ঋতুৰাজ সিঙৰ

Posted by: এন ই নাও নিউজ, মুম্বাই Updated by: এন ই নাও নিউজ, মুম্বাই February 20, 2024 1:01 pm

হিন্দী মনোৰঞ্জন জগতত তেওঁ আছিল এক চিনাকি মুখ। ঋতুৰাজ সিঙে বলীউডৰ বহু ছবিত নিপুণতাৰে কাম কৰিছিল। সেইদৰে টেলিভিশ্বনৰ এগৰাকী অতি জনপ্ৰিয় অভিনেতা আছিল ঋতুৰাজ। সোমবাৰে (১৯ ফেব্ৰুৱাৰী) নিশা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।

দীৰ্ঘদিন ধৰি অগ্নাশয়ৰ(pancreas)সমস্যাত ভুগি আছিল ঋতুৰাজ। চিকিৎসা চলি আছিল। ঋতুৰাজৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰে ঋতুৰাজৰ আত্মীয় তথা অনুৰাগীসকল। অগ্নাশয়ৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়তো ভৰ্তি কৰোৱা হৈছিল। অভিনেতা গৰাকীৰ পৰিয়াল শোকত ভাগি পৰিছে।

লগতে পঢ়কঃ অটুট বন্ধন! বন্ধুত্বৰ চিন স্বৰূপে কিমৰ বাবে গাড়ী উপহাৰ পঠিয়ালে পুটিনে

উদ্যোগৰ তেওঁৰ ঘনিষ্ঠ বন্ধু অভিনেতা অমিত বাহলে ছ’চিয়েল মিডিয়াত নিজৰ দুখ প্ৰকাশ কৰি লিখিছে, ‘হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। কিছুদিন পূৰ্বে পেনক্ৰিয়াচৰ সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ঘৰলৈ উভতি আহিল। তেতিয়াই ঋতুৰাজৰ হৃদযন্ত্ৰৰ সমস্যা হ’বলৈ ধৰিলে। তেওঁক আৰু বচাব পৰা নগ’ল।”

সোমবাৰে নিশা ১২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ঋতুৰাজে। বলীউডৰ বহু তাৰকাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত ‘MISS YOU’ আৰু ‘RIP’ পোষ্ট দেখা গৈছে।

লগতে পঢ়কঃ নতুন উচ্চতাত টাটা, ইচ্ছা কৰিলে গোটেই পাকিস্তানখনকে কিনি ল’ব পাৰে! কিয় এই তুলনা?

ঋতুৰাজে ‘বানেগী অপনি বাত’, ‘জ্যোতি’, ‘হিটলাৰ দিদি’, ‘শপথ’, ‘ৱাৰিয়ৰ হায়’, ‘আহত’, ‘আদালত’, ‘দিয়া অউৰ বাতি’ আদি ধাৰাবাহিকত অভিনয় কৰিছিল। শেহতীয়াকৈ তেওঁ অনুপমা ধাৰাবাহিকখনত কাম কৰি আছিল।