NORTHEAST NOW (Assamese)
Popular Stories

তেইছ ছেপ্টেম্বৰত জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া: হাতীমূৰাত যুদ্ধকালীন তৎপৰতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2025 2:07 pm
তেইছ ছেপ্টেম্বৰত জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া: হাতীমূৰাত যুদ্ধকালীন তৎপৰতা

মঙলবাৰে সোণাপুৰৰ হাতীমূৰা কমাৰকুছিত সম্পন্ন কৰা ব জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া। ইতিমধ্যে উক্ত স্থানত চলিছে শেষকৃত্যৰ প্ৰস্তুতি। সোমবাৰে পুৱা আছুৰ শীৰ্ষ নেতৃত্ব, মন্ত্ৰী কেশৱ মহন্ত, াঃ ৰণোজ পেগু আৰু প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত যুদ্ধকালীন প্ৰচেষ্টাৰে কমাৰকুছিত প্ৰশাসনে প্ৰস্তুতি চলাইছে

উল্লেখযোগ্য যে, হাতীমূৰা কমাৰকুছিৰ ১০ বিঘা ভূমিত হব অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ। তেইছ ছেপ্টেম্বৰৰ পুৱা ৮ বজাত আৰম্ভ হব জুবিন গাৰ্গৰ অন্তিম যাত্ৰা। আপোন শিল্পীগৰাকীৰ এই শেষ যাত্ৰাত ভাগ ল’ব লক্ষাধিক অনুৰাগীয়ে।

মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত জুবিন গাৰ্গৰ শেষকৃত্যৰ প্ৰাৰম্ভিক কাম-কাজ সকলোৱে ভাগে-ভাগে আৰম্ভ কৰিছে। হাতীমূৰাৰ জংঘল কাটি ক্ষীপ্ৰতাৰে শিল্পীগৰাকীৰ শেষ ঠিকনা সাজু কৰাত লাগি গৈছে সকলো।

ইফালে সমাধিক্ষেত্ৰ হ’ব লগা ঠাইত উপস্থিত হৈ আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে, জুবিন গাৰ্গ সকলোৰে হৃদয়ৰ শিল্পী আছিল। গতিকে তেওঁৰ সমাধিক্ষেত্ৰত মানুহক যাতে একান্ত অনুভৱ কৰাব পাৰে, তেনেকুৱা এটা পৰিৱেশৰ মাজত সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছো বুলিও উল্লেখ কৰে।