NORTHEAST NOW (Assamese)
অসম

ছাৰ্ভিছেছৰ অনুজ কুমাৰৰ দখলত মিঃ শৰাইঘাটশ্ৰীৰ খিতাপ

Posted by: এন ই নাও নিউজ April 8, 2019 5:10 pm
Anuj Kumar Taliyan

চলিত বৰ্ষৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী ক্লাছিক বডী বিল্ডিং প্ৰতিযোগিতাত শৰাইঘাটশ্ৰী খিতাপ দখল কৰে ছাৰ্ভিছেছৰ শৰীৰ চৰ্চা বিদ অনুজ কুমাৰ তালিয়ানে। ৰবিবাৰে মাছখোৱাৰ আই টি এ চেণ্টাৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনত তালিয়ানে অপূৰ্ব শৰীৰ চৰ্চাৰ কলা প্ৰদৰ্শন কৰি শৰাইঘাটশ্ৰীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখন উদ্বোধন কৰে মিঃ ইউনিভাৰ্ছ আৰু পদ্মশ্ৰী প্ৰেমচান্দ ডোগৰাই।

আনহাতে, দিল্লীৰ শৰীৰচৰ্চাবিদ নৰেন্দ্ৰ যাদৱ আৰু ৰেলৱেৰ এন ছাটো সিঙে প্ৰতিযোগিতাখনত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। অসমৰ প্ৰতিভাৱান শৰীৰচৰ্চাবিদ দীপু দত্ত আৰু নয়নমণি নেওগে ক্ৰমে সপ্তম আৰু অষ্টম স্থানহে দখল কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাৰ অন্তত খেলুৱৈসকলক বঁটা প্ৰদান কৰে উদ্বোধক প্ৰেমচান্দ ডোগ্ৰা, চেতন পাথাৰ, সঞ্জীৱ কুমাৰ ফুকন, বসন্ত দাস আদি বিশিষ্ট ব্যক্তিসকলে।

উল্লেখযোগ্য যে, অসম ব’ডি বিল্ডাৰ্ছ আৰু ফিটনেছ সংস্থাৰ সৌজন্যত আৰু আই বি এফৰ সহযোগত শৰাইঘাট জিমে ৩১ সংখ্যক ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী শৰাইঘাটশ্ৰী প্ৰতিযোগিতাখন আয়োজন কৰিছিল।