NORTHEAST NOW (Assamese)
অসম

উপ নিৰ্বাচন : যিকোনো উপায়ে ‘জনিয়া’ লাগে বিজেপিক; কিয়নো…

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 18, 2019 10:52 am
WhatsApp Image 2019-10-18 at 2.16.59 AM(1)

ৰাজ্যৰ চাৰি সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। সমষ্টিকেইটাত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ।

কংগ্ৰেছ এআইয়ুডিএফ বা অন্য ৰাজনৈতিক দলৰ তুলনাত এক ব্যয়বহুল প্ৰচাৰ চলাইছে শাসনাধীষ্ঠ বিজেপিয়ে।

তিনিটা সমষ্টিতে পূৰ্বতে বিজেপি বিধায়ক আছিল বাবে সেই সমষ্টি কেইটাক লৈ চিন্তিত নহয় ৰাজ্যিক বিজেপি। তাৰ বিপৰীতে জনিয়া সমষ্টিক লৈ অধিক চিন্তিত বিজেপিৰ ৰাজ্যিক নেতৃত্ব।

ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলটোত নাই বিজেপিৰ কোনো সাংগঠনিক দৃঢ় ভিত্তি। সংখ্যালঘুৰ ভোটক কেন্দ্ৰ কৰি বিজেপিত আশংকাৰ সৃষ্টি হৈছে।

সেয়েহে যিকোনো উপায়েৰে এই আসনখনো নিজৰ দখললৈ আনিবলৈ চেষ্টা চলাইছে বিজেপিয়ে।

কেইবাগৰাকীও ধৰ্মীয় সংখ্যালঘু নেতাই সমষ্টিটোৰ পৰা টিকট বিচাৰি আবেদন জনাইছিল। প্ৰথম অৱস্থাত টিকট দাবীদাৰসকলৰ মাজৰ পৰা তিনিজন প্ৰাৰ্থী ক্ৰমে মুজিবুৰ ৰহমান খান, আব্দুল চামাদ আৰু ইছমাইল হুছেইনৰ নাম হাই কামাণ্ডলৈ প্ৰেৰণ কৰিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

পাছত সেই তিনিওজনৰ নামো আঁতৰাই সমষ্টিটোত খিলঞ্জীয়া মুছলমান প্ৰাৰ্থী তৌফিকুৰ ৰহমানক প্ৰাৰ্থিত্ব দিয়ে বিজেপিয়ে।

ইতিমধ্যে ‘চালানী’ প্ৰাৰ্থী বুলি সমষ্টিটোত বু-বু বা-বা চলিছে ৰহমানৰ বিৰুদ্ধে তথা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ পাছতো অন্য ঠাইৰ পৰা প্ৰাৰ্থী নি জনিয়াত দিয়াৰ বাবে এতিয়া বিজেপি কৰ্মীৰ মাজতে আক্ষেপৰ সৃষ্টি হৈছে।

এই প্ৰত্যাহ্বানসমূহ সন্মুখলৈ অহাৰ পাছতে তৎপৰ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ‘ষ্টাৰ কেম্পেইনাৰ’ হিচাপে পৰিচিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাদিক্ৰমে জনিয়াত গৈ প্ৰচাৰ অভিযান চলাইছে।

এসময়ত ‘জনিয়া’ বাঘবৰকে ধৰি অন্য কিছুমান অঞ্চললৈ গ’লে ‘পূব পাকিস্তান’লৈ যোৱাৰ দৰে লাগে বুলি কোৱা ৰঞ্জিত দাসৰ উপ নিৰ্বাচনৰ সময়ত হঠাৎ জাগৃত হৈছে সংখ্যালঘু প্ৰীতি।

কিয়নো এই সমষ্টিত ‘সবকা সাথ সবকা বিকাশ’ শ্ল’গান আওৰালেহে সংখ্যালঘু ভোট আদায় কৰিব পাৰিব বিজেপিয়ে!

ইয়াৰ সমান্তৰালকৈ জনিয়া বাঘবৰ, বৰপেটা, ধুবুৰী ইত্যাদি অঞ্চল মুছলমান বাংলাদেশীৰ কবলত বুলি সঘনাই মন্তব্য কৰি অহা হিমন্ত বিশ্ব শৰ্মাইও এতিয়া সলাইছে সুৰ।

কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ হিমন্ত বিশ্বই আওপকীয়াকৈ বিজেপিৰ ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰাৰ চেষ্টা কৰিছে।

আনকি “কংগ্ৰেছৰ শাসনত দেশত সঘনাই সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল ৷ সংখ্যা‌লঘু ৰাইজে ভয়তে কংগ্ৰেছ‌ক ভোট দিছিল” বুলিও প্ৰাক্তন কংগ্ৰেছী হিমন্তই জনিয়াত মন্তব্য কৰিছিল।

ইপিনে, জনিয়া সমষ্টিক লৈ চিন্তিত বিজেপিয়ে দুখনকৈ হেলিকপ্তাৰ উৰুৱাই নিৰ্বাচনী চমকেৰে প্ৰচাৰ চলোৱা বুলি বিৰোধী পক্ষত বিষয়টো চৰ্চিত হৈছে।

তিনি হাই ভল্টেজ নেতাই বিভিন্ন ধৰণে প্ৰচাৰ কৰিছে যদিও অহা ২৪ অক্টোবৰতহে গম পোৱা যাব সমষ্টিটোত ‘কোনে মাৰিব শেষ হাঁহি?’