NORTHEAST NOW (Assamese)
অসম

ৰঞ্জন গগৈৰ পৰামৰ্শ : উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শাৰদ অৰৱিন্দ ববডে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2019 11:45 am
cji_vb_62

উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।

বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডেক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে।

প্ৰক্ৰিয়া অনুসৰি বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়েই অৱসৰৰ পূৰ্বে পৰৱৰ্তী মুখ্য ন্যায়াধীশগৰাকীৰ নাম অনুমোদনৰ বাবে প্ৰেৰণ কৰে।

ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পাছতেই আটাইতকৈ জ্যেষ্ঠতম ন্যায়াধীশ।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় আইন আৰু ন্যায় পৰিক্ৰমা মন্ত্ৰালয়লৈ ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডেক পৰৱৰ্তী দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাই পত্ৰ দিছে।

মুখ্য ন্যায়াধীশ গগৈয়ে ২০১৮ চনৰ ৩ অক্টোবৰত ভাৰতৰ ৪৬তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল। অহা ১৭ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব।

মুখ্য ন্যায়াধীশগাৰীকয়ে তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ ন্যায়াধীশগৰাকীৰ নাম তেওঁৰ উত্তৰসূৰী হিচাপে অনুমোদন দিয়াটো পৰম্পৰা হিচাপে চলি আহিছে।