NORTHEAST NOW (Assamese)
অসম

Video|| চিটি বাছেৰে অগপৰ বিশাল জোঁৰ প্ৰতিবাদ ঢাকি মোদীক লৈ গ’ল স্মাৰ্ট পুলিচে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 8, 2019 10:34 pm
assam police blocks agp supporters waiting to protest in front of pm modi convoy in guwahati

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাত প্ৰতিবাদক সকলো চৰকাৰে মান্যতা দিয়া বুলি কয়। কিন্তু প্ৰধান মন্ত্ৰীক গণবিক্ষোভৰ মুখৰ পৰা আঁতৰাবলৈ শুকুৰবাৰে গুৱাহাটীত চিটি বাছেৰে প্ৰতিবাদীক ঢকাৰ দৰে ব্যৱস্থা ল’ব লগা হ’ল আৰক্ষীয়ে।

মোদীৰ অসম আগমনতে নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীৰে অগপৰ বহু হাজাৰ প্ৰতিবাদীয়ে আমবাৰীৰ মুখ্য কাৰ্য্যালয়ৰ পৰা গৈ মেঘদূত ভৱনৰ সন্মুখত প্ৰধান মন্ত্ৰীৰ কনভয়লৈ অপেক্ষা কৰিছিল।

কিন্তু প্ৰধান মন্ত্ৰীৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ৰৈ থকা অগপৰ সমৰ্থকসকলক কনভয় অহাৰ মুহূৰ্ততে হঠাতে দুফালৰ পৰা দুখন চিটি বাছেৰে ভেটা দি ধৰে আৰক্ষীয়ে।

আৰক্ষীৰ এই পদক্ষেপত খৰ্গহস্ত হৈ পৰা প্ৰতিবাদকাৰীসকলে ‘অসম আৰক্ষী প্ৰশাসন জাতিদ্ৰোহী’, ‘লেই-লেই চেই-চেই’ ইত্যাদি ধ্বনি দিয়াৰ লগতে কোনোবাই আৰক্ষী আৰু বাহনকেইখনলৈ জোঁৰো দলিয়াই দিয়ে।

লগতে পঢ়ক– Video|| ক’লা পতাকাৰে নৰেন্দ্ৰ মোদীক আদৰণি গুৱাহাটীত

এগৰাকী মহিলা আৰক্ষীয়ে সামান্য পৰিমাণে আঘাতো পায়। লগে লগেই আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা খেদি পঠিয়ায়।

অগপ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সাংসদ বীৰেন বৈশ্য, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই প্ৰতিবাদৰ নেতৃত্ব দিছিল।