NORTHEAST NOW (Assamese)
অসম

এ জে ৱাই চি পিৰ প্ৰাক্তন সম্পাদকৰূপে আপুনি লজ্জিত কৰিছে: চন্দ্ৰমোহনৰ প্ৰতি পলাশ চাংমাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 8, 2019 11:16 pm
l_Chandra-Mohan-Patowary-1504774032

সততে মুখ্য মন্ত্ৰীৰ কাষতে আসন গ্ৰহণ কৰা চন্দ্ৰমোহন পাটোৱাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। অসম আন্দোলনৰো এজন অন্যতম নেতা আছিল। অসম চুক্তি সাক্ষৰ কৰিবৰ বাবে দিল্লীলৈ যোৱা দলটোৰ অন্যতম সদস্য আছিল চন্দ্ৰমোহন পাটোৱাৰী। অসম আন্দোলনৰ সময়ত অসম গণ সংগ্ৰাম পৰিষদৰ অন্যতম নেতা আছিল চন্দ্ৰমোহন পাটোৱাৰী।

ইয়াৰ পিছতো পাটোৱাৰীয়ে প্ৰদান কৰা বক্তব্যসমূহ ৰাজনৈতিকভাৱে অপৰিপক্ক, তুলুঙা আৰু একেবাৰে ভিত্তিহীন হোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অতিকৈ লজ্জিত হৈছে। কালি মন্ত্ৰী গৰাকীয়ে বিধানসভাত ৰাজ্যখনত প্ৰতিবাদ, বন্ধ আদি চলি থকাৰ বাবে বিনিয়োগ হ্ৰাস পাইছে বুলি কোৱাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে প্ৰকাশ কৰে।

তাৰোপৰি চাংমাইয়ে পাটোৱাৰীক সদনৰ বাহিৰে ভিতৰে যিবোৰ মিছা কথা কৈ আছে, সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তেওঁ ৭২ ঘন্টাৰ ভিতৰত তেওঁৰ স্থিতি স্পষ্ট নকৰে, তেন্তে সমগ্ৰ অসমতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁক নিষিদ্ধ কৰিবলৈ বাধ্য হ’ব।

তাৰোপৰি চাংমাইয়ে কয় যে, ‘পাটোৱাৰীকে ধৰি অসম মন্ত্ৰী সভাৰ প্ৰায়বোৰ মন্ত্ৰীয়ে আন্দোলন কৰি মন্ত্ৰী হৈছেহি। তেওঁলোকে সেই সময়ত অসম আন্দোলন নকৰাহেঁতেন চন্দ্ৰমোহন পাটোৱাৰী ৰাজনৈতিকভাৱে অস্তিত্বহীন হ’লহেঁতেন আৰু তেওঁৰ কোনো চিন-চাব নাথাকিলেহেঁতেন। চন্দ্ৰমোহন পাটোৱাৰী মন্ত্ৰী হ’ব পৰা আচল মূলধনেই আছিল আন্দোলন।’