NORTHEAST NOW (Assamese)
অসম

হাফলঙত কৰ’না আক্ৰান্তৰ বাবে সাজু ২৪ খন বিছনাযুক্ত হাস্পাতাল; ৫খন আই চি য়ুৰ প্ৰস্তুতি

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব April 14, 2020 7:53 am
IMG20200413113026

কৰ’না প্ৰতিৰোধৰ কাৰণে সম্পূৰ্ণ ভাৱে সাজু ডিমা হাছাও পাৰ্বত্য জিলাৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে কৰ’নাৰ বাবে হাফলং অসামৰিক হাস্পাতাল চৌহদত ২৪ বিছনা যুক্ত (আইছ’লেশ্যন ৱার্ড ) তৈয়াৰ কৰা হৈছে।

তদুপৰি, পাঁচখন আই চি য়ুৰ কামো চলি আছে। যুটীয়া সঞ্চালক ডাঃ দিপালী বৰ্মণৰ ভাষ্য অনুসৰি কৰ’না ভাইৰাছৰ লগত যুঁজ দিয়াৰ বাবে হাফলঙৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকল ইতিমধ্যে সম্পূৰ্ণ ভাৱে প্ৰস্তুত। অকল ৰাইজ লগত থাকিব লাগে আৰু লকডাউন মানি চলিব লাগে।

হাফলঙৰ লগতে পাৰ্বত্য জিলাখনৰ মাইবাঙ, উমৰাংছু, লাংটিং, হাৰাঙ্গাজাও আদি ঠাইতো চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলক প্ৰশিক্ষণ দি ৰখা হৈছে।

সোমবাৰে হাফলঙত এখন সংবাদ মেল পাতি এই কথা সদৰি কৰে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটিয়া সঞ্চালক ডাঃ দিপালী বর্মনে।

তেওঁ কয় যে ডিমা হাছাও জিলাত এতিয়ালৈকে কোভিড-১৯ আক্রান্ত কোনো ৰোগী নাই। অৱশ্যে কৰ’না আক্রান্ত হৈ মৃত্যু হোৱা হাইলাকান্দি জিলাৰ ফয়জুল হক বড়ভূঞাৰ সংস্পর্শলৈ অহা পাৰ্বত্য জিলাৰ ৬ ব্যক্তিক শংকা থকা কাৰণে  কোৱাৰেন্টাইন কৰা হৈছে।

তেওঁলোকক নতুনকৈ নিৰ্মাণ কৰা হাফলং শিক্ষা ভৱনত বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে। লগতে এই ছয় ব্যক্তিৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে। এই ছয় ব্যক্তিৰ নমুনা পৰীক্ষাৰ কাৰণে গুৱাহাটী মেডিক্যাল কলেজ হ’ছপিটালত পঠিওৱা হৈছে আৰু ৰিৰ’ৰ্টৰ বাবে অপেক্ষা কৰা হৈছে।

তেওঁ লগতে কয় যে ডিমা হাছাও জিলাত এতিয়ালৈকে ন’শতাধিক লোকক হোম কোৱাৰেন্টাইন কৰা হৈছে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ডাঃ দীপালি বর্মণে কয় যে আমাৰ ইয়াত চিকিৎসক পৰ্যাপ্ত নহয়। ৮৮ গৰাকী চিকিৎসক থকাৰ পৰিবৰ্তে ইয়াত বৰ্তমানে আছে মাথোঁ ৪৮ গৰাকী চিকিৎসক। অৰ্থাৎ ৪০ গৰাকী কম। যাৰ বাবে সমস্যা হৈছে।

অৱশ্যে, কোভিড-১৯  প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় মাস্ক পৰ্যাপ্ত (এম ৯৫ মাস্ক) আছে। কোভিড-১৯ ৰ পৰীক্ষাৰ বাবে টেস্টিং কিট্ মাথোঁ ১৫ টা আছিল আৰু ইয়াৰে ৭ টা কিট্ ইতিমধ্যে ব্যবহাৰ কৰা হৈছে।

তেওঁ জানিবলৈ দিয়ে যে ইন্ডেন্ট দিয়া হৈছে, হয়তো অহা দুই এদিনৰ ভিতৰত প্ৰয়োজনীয় বস্তু আহি পাব।

সংবাদ মেলত হাফলং চিভিল হাস্পাতালৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাও উপস্থিত আছিল। সংবাদ কৰ্মী সকলৰ মাজত হাস্পাতাল কৰ্তৃপক্ষই দুটাকৈ মাস্ক বিতৰণ কৰে।