NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানৰ কোটাৰ পৰা ১০৩ খন বাছেৰে ২৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী উভতিল পশ্চিমবংগলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2020 11:13 am

ল’কডাউনৰ বাবে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা পশ্চিমবংগৰ ২৪০০ গৰাকী ছাত্ৰ-ছাত্ৰী শুকুৰবাৰে ১০৩ খন বাছত পশ্চিমবংগলৈ উভতি আহে।

ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই লৈ অহা বাছ কেইখনৰ এটা কনভয় আছোনছোলত ৰোৱাৰ বিপৰীতে আন এটা কনভয় শিলিগুৰিলৈ যায় বুলি জানিবলৈ দিয়ে সমন্বয়ৰক্ষী পি বি চালিমে।

ৰাজস্থানৰ পৰা পশ্চিমবংগলৈ উভতি অহা ছাত্ৰ-ছাত্ৰী সকলক নিজ নিজ জিলালৈ লৈ যোৱা হ’ব আৰু কোৱাৰেণ্টাইনত ৰখা হ’ব বুলিও লগতে চালিমে কয়।

কিছুদিন পূৰ্বে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা তিনি শতাধিক অসমৰ ছাত্ৰ-ছাত্ৰীকো বাছেৰে নিজ ৰাজ্যলৈ লৈ অহা হৈছিল।

ৰাজস্থানৰ পৰা উভতি অহা এই সকল ছাত্ৰ-ছাত্ৰী বৰ্তমান গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কোৱাৰেণ্টাইনত আছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোক সকলক নিজ নিজ স্থানলৈ উভতি হোৱাৰ যোৱাৰ বাবে অনুমতি দিয়াৰ পাছত দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰেও প্ৰায় ৫০০ বাছেৰে ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা দিল্লীৰ ছাত্ৰ-ছাত্ৰী সকলক দিল্লীলৈ লৈ অহাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।