NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি ক’ৰ’না মুক্ত ২৪৫ গৰাকী লোক; আৰোগ্যৰ হাৰ ৭১.২ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 29, 2020 10:48 pm
Clinical-trial-of-COVID19-1-1140x570

আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মুঠ ২৪৫ গৰাকী ক’ৰ’না আক্ৰান্ত লোকক চিকিৎসাৰ অন্তত সুস্থ ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

আজি ক’ৰ’না মুক্ত হোৱা ২৪৫ গৰাকী লোকৰ সৈতে অসমত বৰ্তমানলৈ ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যা ৫,৩৩৩ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, অসমত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰো ৭১.২ শতাংশলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বৰ্তমানলৈ অসমত মুঠ ৭,৪৯২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বৰ্তমান অসমৰ বিভিন্ন চিকিৎসালয়ত ২,১৪৫ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

ৰাজ্যত এতিয়ালৈ ১১ গৰাকী লোকে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

অসমৰ ভিতৰত এতিয়া গুৱাহাটী মহানগৰীত ক’ৰ’নাৰ সংক্ৰমণ অধিক হোৱা দেখা গৈছে।

গুৱাহাটী মহানগৰীত ক’ৰ’নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২৮ জুনৰ পৰা চৈধ্য দিনৰ বাবে ল’কডাউন ঘোষণা কৰা হৈছে।