NORTHEAST NOW (Assamese)
অসম

নতুনকৈ ২৪৬ গৰাকী কোভিড-১৯পজিটিভ; ৰাজ্যত ৭০০০ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 28, 2020 6:30 am
images.jpeg-21-632x375

২৪৬ গৰাকী নতুন আক্ৰান্তৰে ৰাজ্যখনত ৭১৬৫ লৈ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।

শনিবাৰে দিনটোত একেলগে ২৪৬ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে ।

এই কথা টুইটাৰযোগে জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কোন কোন ঠাইৰ কিমানগৰাকী আক্ৰান্ত হৈছে সেয়া উল্লেখ কৰা নাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

অসমত ৪৮১৪ জন ব্যক্তি এই পৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৩৩৮ জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ১০ গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত দিয়া হৈছে লকডাউন।

ইয়াৰোপৰি, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ দেওবাৰে ঘোষণা কৰা হৈছে লকডাউন।

লগতে সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।