NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত এগৰাকী আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াকে ধৰি ৩০গৰাকী আৰক্ষীৰ কোভিড-১৯পজিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 28, 2020 6:56 am
Twelve police personnel test COVID-19 positive in Guwahati

এগৰাকী আৰক্ষী অধীক্ষক পৰ্য্যায়ৰ বিষয়া আৰু আন ৩০ গৰাকী আৰক্ষীৰ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

কিন্তু তেওঁলোকৰ স্বাস্থ্য বৰ্তমান ভাল। আইন-শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জি পি সিঙে টুইটাৰযোগে জনাইছে এই কথা।

অতি সোনকালে আৰক্ষী বিষয়া কেইগৰাকী সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে জি পি সিঙে।

অসমত এতিয়ালৈকে ৭১৬৫ গৰাকী লোক কৰ’নাত আক্রান্ত হৈছে।

ইয়াৰ বিপৰীতে ৪৮১৪ গৰাকী লোক কৰ’না মুক্ত হৈছে। শনিবাৰৰ দিনটোতে ৫৪৭ গৰাকী লোক কৰ’নামুক্ত হৈছে।

বৰ্তমানলৈকে ১০ গৰাকী লোকে অসমত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।

ইপিনে, কোন আৰক্ষী অধীক্ষক বা আন পৰ্যায়ৰ আৰক্ষীৰ লোক আক্ৰান্ত হৈছে সেয়া জানিব পৰা হোৱা নাই।

আনহাতে. গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সামাজিক (গণ) সংক্ৰমণ। যাৰ বাবে অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সমগ্ৰ কামৰূপ মেট্ৰোত লকডাউন ঘোষণা কৰা হৈছে ।

সেইদৰে, ৰাজ্যৰ অন্য টাউন এলেকাত প্ৰত্যেক সপ্তাহৰ শনিবাৰ-দেওবাৰে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ।

তদুপৰি, সমগ্ৰ ৰাজ্যত সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন।