NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ কেওঁটকুছিত পাঁচদিনীয়া কাৰ্যসূচীৰে ৮২ সংখ্যক মহালক্ষ্মী পূজা

Posted by: পুলেন্দ্ৰ দাস October 24, 2018 10:40 pm
Lakshmi Puja

ভক্তিভাবেৰে আজি ৰাজ্যবাসীয়ে পালন কৰে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। লক্ষ্মী পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ কেওঁটকুছিত আজিৰ পৰা ৮২ সংখ্যক মহালক্ষ্মী পূজা আৰম্ভ হয়।

কেওঁটকুছিৰ চণ্ডীচৰণ খেলপথাৰত আজিৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পূজা মহোৎসৱ পুৱা ৮ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়৷

পুৱা ১০ বজাৰ পৰা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া ৭ বজাত বেদীত প্ৰতিমা স্থাপনৰ পিচতেই মন্দিৰৰ দ্বাৰ মুকলি কৰে অতিৰিক্ত উপায়ুক্ত বিপুল শইকীয়াই।

অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে।

সন্ধিয়া থিয়নামৰ পিছতে আতচবাজী প্ৰদৰ্শন কৰা হয়। অহা ২৮ অক্টোবৰত সামৰণি পৰিব লগা কেওঁটকুছিৰ মহালক্ষ্মী পূজাত ৰাইজৰ উপস্থিতি কামনা কৰিছে পূজা সমিতিৰ বিষয়ববীয়া সকলে।