NORTHEAST NOW (Assamese)
অসম

দেশ কঁপোৱা ডাঃ দেবেন দত্তৰ হত্যাৰ গোচৰত ২৫ জনক দোষী সাব্যস্ত আদালতৰ

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য October 12, 2020 5:09 pm

আজি যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে সমগ্ৰ দেশ কঁপোৱা যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰে।

ন্যায়াধীশ ৰবিন ফুকনে প্ৰদান কৰা ৰায়দানত ৩১ জন অভিযুক্তৰ ২৫ জনক দোষী সাব্যস্ত কৰা হয়।

এই আটাইকেইজনকে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২/১৪৯, ৩৪২/১৪৯, ৩৫৩/১৪৮ আৰু ৩৫৩/১৪৯ৰ অধীনত দোষী ঘোষণা কৰে।

হত্যাকাণ্ডটোৰ দোষী কেইগৰাকীৰ শাস্তি অহা ১৯ অক্টোবৰত ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

আদালতে দোষী ঘোষণা কৰা লোক কেইজন হৈছে-সঞ্জয় ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, সুৰেশ ৰাজোৱাৰ, অজয় মাঝী, উপেন্দ্ৰ ভূমিজ, ৰাতুল ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, অনিল মাঝী, বিজয় ৰাজোৱাৰ, বলিন ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, মিলন ৰাজোৱাৰ, ৰিংকু মাঝী, মিশিলাল মাঝী, শিৱচৰণ মাহালী, দিবেশ্বৰ ৰাজোৱাৰ, কাৰ্তিক ভূমিজ, সঞ্জয় ৰাজোৱাৰ, কালিচৰণ মাহালী, ৰামেশ্বৰ ভূমিজ, শিৱ মাহালী, ৰাহুল ৰাজোৱাৰ, কালানাগ মাঝী, মনোজ মাঝী আৰু ৰিংকু বাক্তি।

উল্লেখ্য যে আৰক্ষীয়ে চিকিৎসক দত্তৰ হত্যাৰ সৈতে জৰিত থকাৰ অভিযোগত বাগিচাৰ ৩২ গৰাকী শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে যোৱা বছৰৰ ২৪ ছেপ্তেম্বৰত চাৰ্জশ্বিট দাখিল কৰিছিল।

ইয়াৰে এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু ঘটিছে।

ইফালে আদালতৰ এই ৰায়দানত মৃত চিকিৎসক দেবেন দত্তৰ পত্নী অপৰাজিতা দত্তই যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ ৩১ আগষ্টত চাহ বাগিচাৰ চমৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল জ্যেষ্ঠ চিকিৎসকগৰাকীক।

গুৰুতৰভাৱে আহত চিকিৎসকগৰাকীৰ পাছত চিকিৎসালয়ত মৃত্যু হৈছিল।