NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত এফ চি গোৱাৰ বিৰুদ্ধে অতিৰিক্ত সময়ত গ’ল হজমেৰে পইণ্ট ভগাবলৈ বাধ্য হ’ল নৰ্থ-ইষ্ট য়ুনাইটেড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2019 7:45 am
Manvir-Singh-

আই এছ এলৰ ষষ্ঠ সংস্কৰণৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজৰ খেলখন ২-২ গ’লত ড্ৰ ৰূপে সামৰণি পৰে।

গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডে উজ্জীৱিত খেল দাঙি ধৰিলেও অন্তিম সময়ত স্নায়ুৰ যুজত পৰাস্ত হৈ আলহী দলটোৰ সৈতে পইণ্ট ভগাই লবলৈ বাধ্য হয়।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ খেলৰ দ্বিতীয়াৰ্ধত ৫৪ মিনিটত আছাম’হ গ্যান আৰু ৭৪ মিনিটত ৰীডিম টিলাঙে গ’ল স্কোৰ কৰাৰ বিপৰীতে এফ চি গোৱাৰ হৈ ৩১ মিনিটত হুগ ব’ওম’ছে আৰু (৯০+৬) মিনিটত মনভীৰ সিঙে গ’ল কৰে।

বিধি নিষিদ্ধ খেল আৰু ৰেফাৰীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱা বাবে এফ চি গোৱাৰ খেলুৱৈ ছেমিনলেন দোংগেলক ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুৱায়।

উল্লেখযোগ্য যে, তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত ৩১ মিনিটত গোৱাই প্ৰথমটো গ’ল কৰি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় যদিও খেলৰ দ্বিতীয়াৰ্ধত ঘৰুৱা দল নৰ্থ-ইষ্ট য়ুনাইটেডে খেলৰ চোক বৃদ্ধি কৰি ৫৪ মিনিটত গ’লটো পৰিশোধ কৰাৰ লগতে ৭৪ মিনিটত আন এটা গ’ল কৰি অগ্ৰগতি লাভ কৰে।

নিৰ্ধাৰিত ৯০ মিনিটলৈ খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেড ২-১ গ’লত আগবাঢ়ি আছিল যদিও অতিৰিক্ত ৬ মিনিটত মনভীৰ সিঙে এটা চমকপ্ৰদ গ’লেৰে এফ চি গোৱাৰ হৈ সমতা স্থাপনৰ লগতে নৰ্থ-ইষ্ট য়ুনাইটেডৰ জয়ৰ আশা নিৰ্বাপিত কৰে।

নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত চিজনত বৰ্তমানলৈ খেলা ৩ খন খেলৰ এখনত জয় আৰু দুখনত ড্ৰৰে মুঠ ৫ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত আছে।