NORTHEAST NOW (Assamese)
অসম

সংগঠন বিৰোধী কাৰ্য্যকলাপ; নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ পাঁচগৰাকী নেতাক বহিষ্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2019 8:14 am
NSCN(K)

সংগঠন বিৰোধী কাৰ্য্যকলাপত লিপ্ত থকাৰ অপৰাধত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন(কে)সংগঠনটোৰ পাঁচগৰাকী নেতাক বহিষ্কাৰ কৰিছে।

বিদ্ৰোহী সংগঠনটোৰ তৰফৰ পৰা জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত বহিষ্কৃত জেষ্ঠ সদস্য পাঁচগৰাকীয়ে ক্ৰমাগতভাৱে ম্যানমাৰৰ সৈতে হোৱা যুদ্ধ বিৰতি চুক্তিক সমৰ্থন কৰি উৎসাহিত কৰি আহিছে বুলি উল্লেখ কৰি সেয়া সম্পূৰ্ণৰূপে সংগঠনটোৰ ৰাজনৈতিক আদৰ্শৰ বিপৰীত বুলি কয়।

এন এছ চি এন (কে)ৰ পৰা সদ্য বহিস্কৃত নেতা কেইগৰাকী হ’ল ক্ৰমে- মেজৰ জেনেৰেল আংগমাই, গৃহ মন্ত্ৰী চোৱাংছিং, ধৰ্মীয় মন্ত্ৰী আংকন, বন মন্ত্ৰী আৰ চোথিং আৰু কেন্দ্ৰীয় পৰিষদৰ সদস্য আংছেইন।

‘‘ম্যানমাৰৰ কাৰাগাৰত ২০১৯ চনৰ ৯ মাৰ্চৰ পৰা বন্দী হৈ থকা পাঁচোগৰাকী এন এছ চি এন(কে) সদস্যই ম্যানমাৰ পক্ষৰ হৈ ওকালতি কৰি যুদ্ধ বিৰতি সম্পৰ্কত ম্যানমাৰ পক্ষক সমৰ্থন কৰি আহিছে’’ এন এছ চি এন(কে) জাৰী কৰা প্ৰেছ বিজ্ঞপ্তিত এনেদৰে উল্লেখ কৰে।