NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিস্ফোৰণে জোকাৰিলে পাকিস্তানঃ প্ৰায় ২৫ জনৰ মৃত্যু

February 7, 2024 5:13 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃ্হস্পতিবাৰে অনুষ্ঠিত হ’ব পাকিস্তানৰ সাধাৰণ নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি দুটাকৈ ভয়ংকৰ বিস্ফোৰণে কঁপাই তুলিছে দেশখন।

পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ নিৰ্বাচনী কাৰ্যালয়ক লক্ষ্য কৰি এই বিধ্বংসী বোমা বিস্ফোৰণ দুটা সংঘটিত হয়।

এই বোমা বিস্ফোৰণ দুটাত প্ৰায় ২৫ জন লোক নিহত হোৱাৰ লগতে ৪২ জন আহত হয় বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, পিছিন জিলাৰ নিৰ্দলীয় প্ৰাৰ্থী আছফাণ্ডিয়াৰ খান কাকাৰৰ কাৰ্যালয়ৰ বাহিৰত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়।

এই শক্তিশালী বিস্ফোৰণত ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জন লোক আহত হয়।

প্ৰথমটো বিস্ফোৰণৰ এঘণ্টা নৌহওঁতেই কিল্লা আব্দুল্লাহ অঞ্চলৰ জমিয়ত-উলেমা ইছলাম-পাকিস্তানৰ নিৰ্বাচনী কাৰ্যালয়ৰ বাহিৰত আন এক বোমা বিস্ফোৰণ সংঘটিত হয়।

দ্বিতীয়টো বিস্ফোৰণতো ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১২ জন লোক আহত হয় বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

পাকিস্তানৰ নিৰ্বাচন আয়োগে বিস্ফোৰণ দুটাৰ পিছতে বৃহস্পতিবাৰৰ নিৰ্বাচনৰ বাবে প্ৰদেশখনত নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰে।

Related News