NORTHEAST NOW (Assamese)

“ আমি লাহোৰ চুক্তি ভংগ কৰিছিলোঁ” : কাৰ্গিল যুদ্ধৰ ২৫ বছৰৰ পিছত নিজৰ অন্যায় কৰ্ম মানি ল’লে পাকিস্তানে

May 29, 2024 11:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 29, 2024 9:29 am

পলমকৈ হ’লেও নিজৰ দোষ স্বীকাৰ কৰিছে পাকিস্তানে। ২৫ বছৰৰ পাছত পাকিস্তানে স্বীকাৰ কৰিছে যে পাকিস্তানে ভাৰতৰ অন্যায় কৰিছিল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে নিজেই এই দোষ স্বীকাৰ কৰিছে।

মঙলবাৰে নৱাজ শ্বৰীফে স্বীকাৰ কৰে যে পাকিস্তানেহে ১৯৯৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত লাহোৰ চুক্তি ভংগ কৰিছিল। কাৰ্গিল যুদ্ধও পাকিস্তানৰ ভুলৰ বাবেই হৈছিল বুলিও স্বীকাৰ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পাকিস্তানৰ পাৰমাণৱিক পৰীক্ষাৰ ২৬ বছৰীয়া জয়ন্তী উপলক্ষে পিএমএল-এনৰ বৈঠকত দেশবাসীক সম্বোধন কৰি ভাৰতৰ সৈতে হোৱা চুক্তি ভংগৰ বিষয়টো উত্থাপন কৰে নৱাজ শ্বৰীফে। ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে তেওঁ স্বাক্ষৰ কৰা ১৯৯৯ চনৰ লাহোৰ চুক্তিখন প্ৰকৃততে পাকিস্তানে ভংগ কৰিছিল।

নৱাজ শ্বৰীফে কয়, ‘১৯৯৮ চনৰ ২৮ মে’ত পাকিস্তানে পাঁচটা পাৰমাণৱিক পৰীক্ষা কৰিছিল। তেতিয়া বাজপেয়ী ইয়ালৈ আহি আমাৰ লগত এখন চুক্তি কৰিলে। কিন্তু সেই চুক্তিখন আমিয়েই ভংগ কৰিছিলোঁ… আমাৰ দোষ আছিল।”

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ১৯৯৯ চনৰ ২১ ফেব্ৰুৱাৰীত দেশ দুখনৰ মাজত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ বজাই ৰাখিবলৈ লাহোৰ চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু কেইমাহমানৰ পাছত ১৯৯৯ চনত পাকিস্তানে জম্মু-কাশ্মীৰৰ কাৰ্গিল প্ৰদেশ আক্ৰমণ কৰি দখল কৰাৰ চেষ্টা চলাই কাৰ্গিল যুদ্ধৰ সূচনা কৰে। সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আছিল নৱাজ শ্বৰীফ। আৰ্মী জেনেৰেল আছিল পাৰভেজ মুশ্বাৰফ। পাৰভেজ মুশ্বাৰফৰ নেতৃত্বত কাৰ্গিল আক্ৰমণ কৰি দখল কৰিছিল পাকিস্তানৰ সেনানীয়ে। কিন্তু সেই যুদ্ধত পৰাক্ৰমেৰে জয়লাভ কৰিছিল ভাৰতে।

পাকিস্তানৰ টেলিভিছন চেনেলত প্ৰচাৰ হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে শ্বৰীফৰ এই স্বীকাৰোক্তি। লগতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে পাকিস্তানক পাৰমাণৱিক পৰীক্ষা বন্ধ কৰিবলৈ ৫ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ দিছিল। কিন্তু পাকিস্তানে মানি ল’বলৈ অস্বীকাৰ কৰিছিল। নৱাজে কয় যে মোৰ ঠাইত ইমৰাণ খানৰ দৰে কোনোবা থাকিলে তেওঁ ক্লিণ্টনৰ প্ৰস্তাৱ গ্ৰহণ কৰিলেহেঁতেন।

Related News