NORTHEAST NOW (Assamese)
দেশ

পানীত পৰিল ১৩ হাজাৰ কোটি টকা!  উদ্বোধনৰ ৩ মাহ নহওতেই ফুটা ওলাল আৰৱ সাগৰৰ তলত নিৰ্মিত সুৰংগত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 29, 2024 10:00 am

বাণিজ্যিক চহৰ মুম্বাইত যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ বাবে মুম্বাইৰ উপকূলীয় অঞ্চলত আৰৱ সাগৰৰ ১৭ৰ পৰা ২০ মিটাৰ গভীৰতাত নিৰ্মাণ কৰা হৈছিল এটা যমজ সুৰংগ।

চলিত বৰ্ষৰ ১১ মাৰ্চত উদ্বোধন কৰা হৈছিল এই সুৰংগটো। অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ১২ হাজাৰ ৭২১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই যমজ সুৰংগটো।

কিন্তু উদ্বোধনৰ মাত্ৰ ডেৰ-দুমাহৰ ভিতৰতে সুৰংগটোৰ একাধিক স্থানত ফুটা ওলাবলৈ ধৰিছে। যাৰ বাবে এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মুম্বাই চহৰখনত।

এই ঘটনাৰ সত্যতা মানি লৈছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই। তেওঁ কয়, “আমি জানিব পাৰিছো যে সুৰংগটোৰ ২-৩ ঠাইত ফুটা ওলাইছে। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই সন্দৰ্ভত বিশেষজ্ঞৰ সৈতে কথা পাতিছে।”

একে সময়তে শিণ্ডে দাবী কৰে যে ২-৩ ঠাইত ফুটা হৈছে যদিও সুৰংগটোৰ মূল গঠনত কোনো প্ৰভাৱ পৰা নাই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ মতে, “নিৰ্দিষ্ট প্ৰযুক্তি ব্যৱহাৰ কৰি ফুটাবোৰ বন্ধ কৰা হ’ব আৰু যাত্ৰীসকলৰ বাবে কোনো সমস্যা নহ’ব।”

উল্লেখ্য যে পূৰ্বে গিৰিগাঁৱৰ পৰা ৱৰলী পাবলৈ কমেও ৪৫ মিনিট সময় লাগিছিল। আৰব সাগৰৰ তলত ১২.১৯ মিটাৰ ব্যাসৰ আৰু ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো মুকলি হোৱাৰ পিছত এই দূৰত্ব যথেষ্ট হ্ৰাস পাইছে। সুৰংগইদি গ’লে মাত্ৰ ১০ মিনিটতে গিৰিগাঁৱৰ পৰা ৱৰ্লীলৈ যাব পাৰি।

জানিব পৰা মতে, এই পথটো মুকলি কৰাৰ পিছৰে পৰা সাত লাখৰো অধিক বাহন ইয়াৰ মাজেৰে যাত্ৰা কৰিছে।